সন্ত্ৰাসবাদৰ কেন্দ্ৰ হিচাপে পৰিচিত পাকিস্তানে তুৰস্কৰ পৰা মুকলি সমৰ্থন লাভ কৰিছে। তাৰ মাজতে তুৰস্কক মোক্ষম আঘাত দি ভাৰতে তুৰস্ক বিমানবন্দৰৰ গ্ৰাউণ্ড হেণ্ডলিং কোম্পানী চেলেবিৰ নিৰাপত্তাৰ অনুমতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে। ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এটা চৰকাৰী বিবৃতিত কোৱা হৈছে, “গ্ৰাউণ্ড হেণ্ডলিং এজেন্সী শিতানৰ অন্তৰ্গত চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ক্ষেত্ৰত নিৰাপত্তাৰ অনুমতি হিচাপে বিচিএএছৰ সঞ্চালক প্ৰধানৰ পৰা ২১.১১.২০২২ তাৰিখৰ ১৫/৯৯/২০২২-দিল্লী-বিচিএএছ/ই-২১৯১১০ নং পত্ৰৰ জৰিয়তে অনুমোদন দিয়া হৈছিল।”
লগতে কয় যে, “বিচিএএছৰ সঞ্চালক প্ৰধান ক্ষমতা প্ৰয়োগ কৰি চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ইয়াৰ দ্বাৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে।”
দৰাচলতে, চেলেবি হৈছে এটা তুৰস্ক কোম্পানী যিয়ে ভাৰতত গ্ৰাউণ্ড হেণ্ডলিং সেৱা আগবঢ়ায়।এই কোম্পানীটোৱে মুম্বাই, দিল্লী, হায়দৰাবাদকে ধৰি বহু ডাঙৰ বিমানবন্দৰত বেগেজ হেণ্ডলিং, ৰেম্প চাৰ্ভিচ আৰু কাৰ্গো হেণ্ডলিঙৰ দৰে সেৱা আগবঢ়াই আহিছিল।
দেশৰ নিৰাপত্তাৰ কথা মনত ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি BOCA ক স্পষ্টকৈ কৈছে।চৰকাৰে লোৱা এই পদক্ষেপৰ পিছত আৰু ভাৰতৰ কোনো বিমানবন্দৰতে সেৱা আগবঢ়াব নোৱাৰিব চেলেবিয়ে।