দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱৰকোণ্ডাৰ বহু প্ৰত্যাশিত ছবি ‘কিংডম’ৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।
অৱশ্যে এতিয়া তেওঁলোকে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব, কাৰণ ছবিখনৰ মুক্তিৰ তাৰিখ আকৌ এবাৰ সলনি কৰা হৈছে।
বিজয়ৰ দলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ নিশ্চিত কৰাৰ লগতে নতুন মুক্তিৰ তাৰিখো ঘোষণা কৰিছে।

‘কিংডম’ এখন গ্ৰেণ্ড পিৰিয়ড একচন ড্ৰামা, য’ত বিজয়ক শক্তিশালী চৰিত্ৰত দেখা যাব।ইতিমধ্যে ছবিখনৰ টিজাৰ মুকলি হৈছে। জুনিয়ৰ এন টি আৰ, ৰণবীৰ কাপুৰ আৰু সূৰ্য্যই ক্ৰমে তেলেগু, হিন্দী আৰু তামিল সংস্কৰণত ডাবিং আগবঢ়াইছে।
পূৰ্বতে এই ছবিখন চলিত মাহৰ ৩০, তাৰিখে চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছিল, কিন্তু এতিয়া নিৰ্মাতাসকলে মুক্তিৰ তাৰিখ ৪ জুলাইলৈ পিছুৱাই দিছে।
এই পলমৰ মূল কাৰণ পোষ্ট প্ৰডাকচনৰ দীঘলীয়া সময় আৰু অনিৰুদ্ধ ৰবিচন্দৰে দিয়া বেকগ্ৰাউণ্ড স্ক’ৰ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে।দলটোৰ বিশ্বাস যে অলপ বেছি সময় দিলে ছবিখনক উন্নত স্তৰত উপস্থাপন কৰিব পৰা যাব।