আই পি এলৰ বাবে মুকলি হ’ল খেলপথাৰ...

আই পি এলৰ বাবে মুকলি হ’ল খেলপথাৰ… যুদ্ধবিৰতিৰ পিছত নতুন তাৰিখ ঘোষণা কৰিব পাৰে বি চি চি আইয়ে

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । ভাৰতৰ পৰাক্ৰমৰ আগত নতশিৰ হৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে পাকিস্তানে । ইয়াৰ পাছতে ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে নিশ্চিত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । ভাৰতৰ পৰাক্ৰমৰ আগত নতশিৰ হৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে পাকিস্তানে । ইয়াৰ পাছতে ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে নিশ্চিত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এনে পৰিস্থিতিত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শীঘ্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে শুকুৰবাৰে এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল । অৱশ্যে এই প্ৰতিযোগিতাখন পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নগ’ল । কিন্তু এতিয়া শেহতীয়া পৰিস্থিতিৰ পিছত অনুমান কৰা হৈছে যে বি চি চি আইয়ে অতি সোনকালে এই সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিব পাৰে ।

৫৭ খন মেচ খেলা হৈছে, ৫৮ সংখ্যক মেচ মাজভাগত স্থগিত-

২০২৫ চনৰ আই পি এলত মুঠ ৫৭খন মেচ অনুষ্ঠিত হয় । ৮ মে’ত ধৰমশালাত পঞ্জাব কিংছ (পি বি কে এছ) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত ৫৮ সংখ্যক মেচখন অনুষ্ঠিত হৈছিল যদিও মাত্ৰ ১০.১ অভাৰৰ অন্তত খেলখন বন্ধ হৈ পৰে । এই মেচখন পুনৰ অনুষ্ঠিত হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ৮ মে’ত যেতিয়া মেচখন বন্ধ হৈছিল তেতিয়া পঞ্জাব কিংছে ১০.১ অভাৰত ১ উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল । প্ৰিয়ংশ আৰ্য্যই ৫টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৪টা বলত ৭০ ৰান সংগ্ৰহ কৰে । প্ৰভসিমৰণ সিঙে ২৮টা বলত ৫০ ৰান আৰু শ্ৰেয়াছ আয়েৰে ০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল ।

এতিয়া লীগ পৰ্যায়ত মাত্ৰ ১২খন মেচ বাকী আছে, তাৰ পিছত প্লে অফৰ ৪খন মেচ থাকিব । পূৰ্বৰ সূচী অনুসৰি কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব, আনহাতে কোৱালিফায়াৰ ২ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব ।

শেহতীয়া প্ৰৱন্ধসমূহ