ভাৰত আৰু পাকিস্তানৰ মাজত ঘোষণা হোৱা যুদ্ধবিৰতিৰ পিছত ভাৰতীয় সেনাই সংবাদ মাধ্যমৰ জৰিয়তে দশক দশক ধৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি অহা চুবুৰীয়া দেশখনৰ প্ৰকৃত চৰিত্ৰ পুনৰ এবাৰ উদঙাই দিছে । শনিবাৰে সন্ধিয়া কমোডৰ ৰঘু আৰ নাইৰ, কৰ্ণেল ছফিয়া কুৰেছী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে এখন সংবাদমেল অনুষ্ঠিত কৰে । কমোডৰ ৰঘু আৰ নাইৰে কয়, বৈদেশিক সচিবে কোৱাৰ দৰে আমি সকলো সামৰিক অভিযান বন্ধ কৰাত একমতত উপনীত হৈছো । যোৱা কেইদিনমানৰ পৰিঘটনাসমূহৰ বিষয়ে আমি আপোনালোকক তথ্য দিছো । ইয়াৰ পিছতে সংবাদমেলত উপস্থিত থকা কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে পাকিস্তানে প্ৰচাৰ কৰি থকা মিছা অপপ্ৰচাৰ উদঙাই দিয়ে ।
-কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে পাকিস্তানৰ ভুৱা অভিযোগ উদঙাই দি কয়, এতিয়া মই আপোনালোকক পাকিস্তানৰ ভুল তথ্য অভিযানৰ বিষয়ে ক’ম । প্ৰথমতে, পাকিস্তানে নিজৰ জে এফ ১৭ বিমানেৰে আমাৰ এছ-৪০০ আৰু ব্ৰাহ্মছ মিছাইল বেছসমূহৰ ক্ষতিসাধন কৰা বুলি প্ৰচাৰ কৰিছিল, যিটো একেবাৰে ভুল ।
-কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে পাকিস্তানে কৈছে তেওঁলোকে আমাৰ বিমানবন্দৰ ছিৰছা, জম্মু, পাঠানকোট, বাথিণ্ডা, নলিয়া আৰু ভুজত আক্ৰমণ কৰিছে, এই দাবীও একেবাৰে মিছা ।
-পাকিস্তানৰ তৃতীয়টো গোকাট মিছা কথা উদঙাই দি কৰ্ণেল ছফিয়াই কয় যে চণ্ডীগড় আৰু বিয়াছত থকা আমাৰ অস্ত্ৰ-শস্ত্ৰগাৰত আক্ৰমণ কৰা পাকিস্তানৰ দাবীটোও একেবাৰে মিছা । আমি আপোনালোকক কৈছিলো যে এই সকলোবোৰ ঠিকেই, সঠিক অৱস্থাত আছে ।
-মছজিদ আক্ৰমণ সন্দৰ্ভত পাকিস্তানে প্ৰচাৰ কৰা মিথ্যা উদঙাই দি কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে, পাকিস্তানে ভাৰতীয় সেনাই মছজিদসমূহৰ ক্ষতিসাধন কৰা বুলি ভুৱা অভিযোগ উত্থাপন কৰিছে । মই স্পষ্টকৈ ক’ব বিচাৰো যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আৰু আমাৰ সেনাবাহিনী ভাৰতৰ সাংবিধানিক মূল্যবোধৰ অতি সুন্দৰ প্ৰতিফলন ।
লগতে কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে লগতে কয় যে আমি পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ ক্ষতি কৰিলোঁ । ভাৰতে পাকিস্তানৰ স্কাৰডু, জাকুবাবাদ, সৰগোডা, বুলাৰী বিমানবন্দৰৰ ব্যাপক ক্ষতিসাধন কৰে । পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ৰাডাৰ ব্যৱস্থা অসাৰ হৈ পৰে । পাকিস্তানৰ কমাণ্ড এণ্ড কণ্ট্ৰল লজিষ্টিক ইনষ্টলেশ্যন আৰু এল অ’ চিৰ ওচৰৰ ইয়াৰ সামৰিক আন্তঃগাঁথনি আৰু কৰ্মীসকল ইমানেই বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যে পাকিস্তানৰ আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক ক্ষমতা ধ্বংস হৈ পৰে । মই পুনৰ ক’ব বিচাৰিছো যে ভাৰতীয় সেনা সম্পূর্ণৰূপে প্রস্তুত আৰু সজাগ ৷ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে আমি সম্পূৰ্ণ উৎসৰ্গিত ।