ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদ্বীপ ৰাজন বৰ্তমানেও আই চি ইউত আছে।আচলতে ৫ মে’ৰ নিশা মোৰাদাবাদৰ সমীপত তেওঁৰ এটা দুৰ্ঘটনা হৈছিল, য’ত গুৰুতৰভাৱে আহত হয় পৱনদ্বীপ।
এই পৰ্যন্ত কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে পৱনদ্বীপৰ।কাৰণ কণ্ঠশিল্পী গৰাকীৰ শৰীৰৰ কেইবাদালো হাড় ভাগিছে। শুকুৰবাৰে পুনৰ পৱনদ্বীপৰ ৩টা অস্ত্ৰোপচাৰ কৰা হয় যিটো প্ৰায় ৮ ঘণ্টা ধৰি চলিল।
পৱনদ্বীপৰ টীমে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, সকলোকে নমস্কাৰ, কালি পৱনদ্বীপৰ আৰু ৩ টা অস্ত্ৰোপচাৰ কৰা হয়। ৰাতিপুৱা তেওঁক অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হৈছিল আৰু ৮ ঘণ্টাৰ পিছত উলিয়াই অনা হয়।
“শৰীৰৰ ভাগি যোৱা হাড়ৰ ইতিমধ্যে অস্ত্ৰোপচাৰ কৰা হৈছে।অৱশ্যে তেওঁ এতিয়াও আই চি ইউত আছে। চিকিৎসকৰ পৰ্যবেক্ষণত আৰু কিছুদিন আই চি ইউত থাকিব লাগিব।
চিকিৎসকে কয় যে পৱনদ্বীপ এতিয়া কিছু আৰোগ্য হৈছে।পৱনদ্বীপ সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহক আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰক।পৱনদ্বীপৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে আন্তৰিক ধন্যবাদ।”