ভাৰতৰ সৈতে আছে সমগ্ৰ বিশ্ব! পাকিস্তানৰ অনুৰোধ নুশুনিলে আমেৰিকাই,ক’লে-‘ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই…’

ভাৰতৰ অপাৰেচন সিন্দূৰক লৈ বিচলিত পাকিস্তান।ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে অহৰহ চেষ্টা চলাই আছে।কিন্তু প্ৰতিটো মূহুৰ্ততে মুখ ঠেকেছা খাব লগীয়া হৈছে। ইফালে পাকিস্তানে আমেৰিকাৰ পৰাও সহায়ৰ বাবে অহৰহ অনুৰোধ জনাইছে। তাৰ মাজতে এই সমগ্ৰ ঘটনাৰ প্ৰতি আমেৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয়

ভাৰতৰ অপাৰেচন সিন্দূৰক লৈ বিচলিত পাকিস্তান।ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে অহৰহ চেষ্টা চলাই আছে।কিন্তু প্ৰতিটো মূহুৰ্ততে মুখ ঠেকেছা খাব লগীয়া হৈছে।

ইফালে পাকিস্তানে আমেৰিকাৰ পৰাও সহায়ৰ বাবে অহৰহ অনুৰোধ জনাইছে। তাৰ মাজতে এই সমগ্ৰ ঘটনাৰ প্ৰতি আমেৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমানৰ পৰিস্থিতিত আমেৰিকাই হস্তক্ষেপ নকৰে।এইটো আমেৰিকাৰ কাম নহয়।

এক সাক্ষাৎকাৰত ভ্যান্সে কয় যে ‘আমি দুয়োপক্ষকে উত্তেজনা হ্ৰাস কৰিবলৈ উৎসাহিত কৰিব পাৰো।কিন্তু আমি যুদ্ধৰ মাজত সোমাই নাযাওঁ কাৰণ সেইটো আমাৰ কাম নহয় আৰু আমি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰো’।

তেওঁ কয় যে ‘আমেৰিকাই ভাৰত বা পাকিস্তান কাকোৱেই তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ ক’ব নোৱাৰে। আমি কূটনৈতিক উপায়েৰেহে ইয়াৰ সমাধান কৰিব পাৰো’।

‘আমি আশা কৰোঁ যে বৰ্তমানৰ পৰিস্থিতি কোনো ধৰণৰ পূৰ্ণাংগ আঞ্চলিক যুদ্ধ বা পাৰমাণৱিক যুদ্ধলৈ পৰিণত নহয়।অৱশ্যে এই মুহূৰ্তত আমি নাভাবো যে এনেকুৱা হ’ব’।

শেহতীয়া প্ৰৱন্ধসমূহ