অব্যাহত আছে ডিজিটেল যুদ্ধ; ভাৰতৰ OTT প্লেটফৰ্মতো নিষিদ্ধ হ’ল পাক কন্টেন্ট

ভাৰতে ‘অপাৰেচন সিন্দুৰ’, অধীনত পাকিস্তানত কেইবাটাও আক্ৰমণ কৰি আছে।যাৰ বাবে পাকিস্তানত এতিয়া আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। পহলগাম ঘটনাক লৈ ভাৰতে পাকিস্তানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। পূৰ্বে পাকিস্তানী শিল্পীসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, এতিয়া আন এক বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ

ভাৰতে ‘অপাৰেচন সিন্দুৰ’, অধীনত পাকিস্তানত কেইবাটাও আক্ৰমণ কৰি আছে।যাৰ বাবে পাকিস্তানত এতিয়া আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

পহলগাম ঘটনাক লৈ ভাৰতে পাকিস্তানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। পূৰ্বে পাকিস্তানী শিল্পীসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, এতিয়া আন এক বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পাকিস্তানী সংবাদ মাধ্যমৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰি,ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা মনত ৰাখি, সকলো অ’টিটি প্লেটফৰ্ম আৰু মিডিয়া ষ্ট্ৰীমিং প্লেটফৰ্মৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক পৰামৰ্শ জাৰি কৰিছে।

কোৱা হৈছে যে ভাৰতত যিবোৰ পাকিস্তানী ৱেব ছিৰিজ, ছবি, গীত, পডকাষ্ট বা যদি কোনো ষ্ট্ৰীমিং মিডিয়াৰ কন্টেন্ট চলি আছে, তেন্তে ইয়াক তাৎক্ষণিক প্ৰভাৱৰ সৈতে বন্ধ কৰিব লাগে।

যদি কোনোবাই ইয়াক চাবস্ক্ৰিপচনৰ অধীনত লৈছে তেন্তে তেওঁৰ বাবেও ইয়াক আঁতৰাই পেলাব লাগে।ভাৰতত পাকিস্তানৰ সৈতে জড়িত কোনো বিষয়বস্তু যেন কোনেও গ্ৰহণ নকৰে।পাকিস্তানী কন্টেন্ট সম্পূৰ্ণৰূপে বৰ্জন কৰা হ’ল ভাৰতত।