‘এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো’... সৰ্বদলীয় বৈঠকৰ অন্তত ক’লে খাৰ্গেই

‘এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো’… সৰ্বদলীয় বৈঠকৰ অন্তত ক’লে খাৰ্গেই

অপাৰেচন সিন্দুৰৰ অন্ত পৰাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক সমাপ্ত হৈছে । বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো । খাৰ্গেই কয় যে কিছু কথাৰ বিষয়ে গোপনীয়তাৰ উদ্ধৃতি দি আমাক তথ্য

অপাৰেচন সিন্দুৰৰ অন্ত পৰাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক সমাপ্ত হৈছে । বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো । খাৰ্গেই কয় যে কিছু কথাৰ বিষয়ে গোপনীয়তাৰ উদ্ধৃতি দি আমাক তথ্য দিয়া হোৱা নাছিল । ৰাহুল গান্ধীয়ে কয় যে আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিছো । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক ।

এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকে । লগতে উপস্থিত থাকে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । ইয়াৰ উপৰিও কংগ্ৰেছৰ হৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেও সভাত অংশগ্ৰহণ কৰে । বৈঠকত চৰকাৰে বিৰোধী নেতাসকলক অপাৰেচন সিন্দুৰৰ পিছত প্ৰতিশোধমূলক ব্যৱস্থা আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ বিষয়ে তথ্য প্ৰদান কৰে ।

কংগ্ৰেছে বাতিল কৰিলে নিৰ্ধাৰিত সকলো কাৰ্যসূচী-

কংগ্ৰেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰক সম্পূৰ্ণ সমৰ্থন আৰু সেনাবাহিনীৰ সৈতে সংহতি প্ৰদৰ্শন কৰি ‘সংবিধান সমাৱেশ বচাওক’কে ধৰি দলৰ সকলো নিৰ্ধাৰিত কাৰ্যসূচী বন্ধ কৰি দিছে । এই উত্তেজিত পৰিবেশত তিনিখন দেশ ভ্ৰমণ বাতিল কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ১৩ মে’ৰ পৰা ১৭ মে’লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱে, ক্ৰ’ৱেচিয়া আৰু নেদাৰলেণ্ড ভ্ৰমণৰ কথা আছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ