ভাৰতৰ বিমান আক্ৰমণত ধ্বংস হোৱা ৯ টা স্থান কি কি ?

পাকিস্তানত ১০০ কিলোমিটাৰ ভিতৰলৈ আক্ৰমণ… জানক ভাৰতৰ বিমান আক্ৰমণত ধ্বংস হোৱা ৯ টা স্থান কি কি ?

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতে মঙলবাৰে নিশা ১.৩০ বজাত ৯টা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায় । এই আক্ৰমণৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দুৰ’ । এই অভিযান আছিল তিনিওটা সেনাৰ যৌথ অভিযান । ভাৰতৰ শক্তিশালী বাহিনীয়ে পাকিস্তানৰ ৪টা স্থান আৰু PoKৰ ৫টা স্থানক

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতে মঙলবাৰে নিশা ১.৩০ বজাত ৯টা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায় । এই আক্ৰমণৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দুৰ’ । এই অভিযান আছিল তিনিওটা সেনাৰ যৌথ অভিযান । ভাৰতৰ শক্তিশালী বাহিনীয়ে পাকিস্তানৰ ৪টা স্থান আৰু PoKৰ ৫টা স্থানক লক্ষ্য কৰি লয় । ভাৰতীয় চোৰাংচোৱা সংস্থা RAW-এ সকলো লক্ষ্য চিনাক্ত কৰিছিল, তাৰ পিছত সম্পূৰ্ণ পৰিকল্পনাৰে লস্কৰ আৰু জৈছৰ ঘাটিত আক্ৰমণ কৰা হৈছিল । ভাৰতে কোন কোন ঠাই আক্ৰমণ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা কিমান দূৰত আছে জানক ।

বাহাৱালপুৰ– আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আছিল, যি ভাৰতে ধ্বংসস্তুপত পৰিণত কৰে ।

মুৰিদকে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থান সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান । ২৬/১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত লস্কৰ-ই-তৈবা শিবিৰৰ আছিল ইয়াত ।

গুলপুৰ- এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান LoC (পুঞ্চ-ৰাজৌৰী)ৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

লস্কৰ কেম্প ছাৱাই– এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান পি অ’ কে টাংধৰ ছেক্টৰৰ ভিতৰত ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

বিলাল কেম্প- জয়ছ-ই-মহম্মদৰ লঞ্চপেড, এই আত্মগোপন স্থানৰ সহায়ত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰা হৈছিল ।

কোটলি– LoC ৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত লস্কৰ শিবিৰ । এইটো আছিল ৫০টাতকৈ অধিক সন্ত্ৰাসবাদীক ৰখাৰ ক্ষমতা থকা আত্মগোপনৰ স্থান ।

বৰনালা কেম্প- এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান LoC ৰ পৰা ১০ কিলোমিটাৰ দূৰত আছিল ।

চৰজাল কেম্প- সাম্বা-কথুৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত জয়ছৰ প্ৰশিক্ষণ কেন্দ্ৰ ।

৯ মেহমুনা কেম্প (শিয়ালকোটৰ ওচৰত)–  ই হিজবুল মুজাহিদীনৰ প্ৰশিক্ষণ শিবিৰ আছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল ।

লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত ভাৰতে সংযম প্ৰয়োগ কৰিলেঃ প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতৰ বিমান আক্ৰমণৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ‘কিছু সময়ৰ আগতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পি অ’ কেত অৱস্থিত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল, য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল ।’ লগতে কোৱা হৈছে যে এই আক্ৰমণত মুঠ ৯ টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল ।

ইয়াত স্পষ্টকৈ কোৱা হৈছে যে আমাৰ কাৰ্য্য অপ্ৰৰোচনামূলক । কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে নিজৰ লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত সংযম অব্যাহত ৰাখিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ