পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ অসম চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে । মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ অনুদান প্ৰদানত অসম কেবিনেটে অনুমোদন জনাইছে । সোমবাৰে গভীৰ নিশালৈকে ৬ ঘণ্টীয়া কেবিনেট বৈঠক মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷ এই সিদ্ধান্তৰ তথ্য মঙলবাৰে সংবাদ মাধ্যমক প্ৰদান কৰা হয় ।
শোক পত্ৰৰ লগতে দিয়া হ’ব এই ধনৰাশি-
সাংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই ইতিমধ্যে ভুক্তভোগী পৰিয়ালক সামান্য আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছো । সোমবাৰে নিশা অসম কেবিনেটে এই সাহাৰ্যত অনুমোদন জনায় । তেওঁ কয় যে ১২ মে’ৰ পিছত প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে প্ৰতিজন মৃতকৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিব । ইয়াৰ লগতে তেওঁলোকক মোৰ তৰফৰ পৰা এখন শোক পত্ৰৰ লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব । উল্লেখ্য যে অসমত দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবে ১২ মে’ৰ পিছত এই আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব । ১১ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল । ৰাজ্যখনত ১১ মে’লৈকে বলবৎ থাকিব নিৰ্বাচনী আচৰণ বিধি ।
উল্লেখযোগ্য যে বিগত ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক হত্যা কৰিছিল । পহলগামৰ বৈছাৰণ উপত্যকাত সেনাবাহিনীৰ পোছাক পৰিধান কৰা সন্ত্ৰাসবাদীয়ে প্ৰথমে পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু তাৰ পিছত তেওঁলোকক হিন্দু বুলি গুলীয়াই হত্যা কৰিছিল । ইয়াৰ পিছত সমগ্ৰ ভাৰততে পাকিস্তানৰ বিৰুদ্ধে এই ঘটনাৰ প্ৰতিশোধ লোৱাৰ দাবী উত্থাপন হ’বলৈ ধৰে । চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব লৈছে পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ ভাতৃ সংগঠন ৰেজিষ্টেন্স ফ্ৰণ্টে ।
কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা-
এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ অধীনত সন্ত্ৰাসবাদীক আশ্ৰয় দি থকা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । চৰকাৰে ১৯৬০ চনৰ সিন্ধু জল সন্ধি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখিছে । ইয়াৰ সমান্তৰালকৈ চেকপোষ্ট আট্টাৰী বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । লগতে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ যাবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে ।