বৰ্তমানৰ পৃথিৱীত, য’ত সন্তানক তেওঁলোকৰ ফলাফল, বিফল হোৱা বা উত্তীৰ্ণ হোৱাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয় । টপাৰ তথা উন্নত ফলাফল প্ৰদৰ্শন কৰাসকলে সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰাৰ বিপৰীতে ফেইল বা বিফল হোৱা সকলে কেৱল ঠাট্টা-মস্কৰাহে লাভ কৰে । এনে সময়ত কোনে তেওঁলোকক বুজাব যে স্কুলৰ ৰিজাল্ট কেৱল জীৱনৰ এটা অংশ, সমগ্ৰ জীৱন নহয় । ইয়াৰ পিছতো আৰু পথ আছে ।
সমাজত প্ৰায়ে দেখা যায় যে এগৰাকী ছাত্ৰ বা ছাত্ৰী বিফল হ’লে কেৱল সমাজখনেই নহয়, আনকি পিতৃ-মাতৃয়েও তেওঁক ঠাট্টা-মস্কৰা কৰে । কিন্তু যিখন পৃথিৱীত বিফল হ’লে শিক্ষাৰ্থীক ঠাট্টা-মস্কৰা, গালি-শপনি, হেঁচা দিয়াটো সাধাৰণ কথা হৈ পৰিছে, তেনে সময়তে কৰ্ণাটকৰ এটি পৰিয়ালে কল্পনাৰ বাহিৰলৈ গৈ পুত্ৰৰ বিফলতাৰ দিনটোক উৎসৱৰ দৰে উদযাপন কৰে । এতিয়া এই উদযাপনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
৬টা বিষয়তে ফেইল-
কৰ্ণাটকৰ বাগলকোটৰ বাসৱেশ্বৰ ইংলিছ মিডিয়াম বিদ্যালয়ত অধ্যয়ন কৰি আছিল অভিষেক চোলাচাগুড্ডাই । এই বছৰ তেওঁৰ দশম শ্ৰেণী তথা মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হয় । কিন্তু SSLC বৰ্ড পৰীক্ষাত ৬টা বিষয়তে ফেইল কৰি মুঠ ৩২% নম্বৰ (২০০/৬২৫) লাভ কৰে তেওঁ । কিন্তু পুত্ৰৰ এনে ফলাফল দেখাৰ পিছত পিতৃ-মাতৃয়ে পুত্ৰক গালি-শপনি বা ঠাট্টা-সস্কৰা কৰা নাছিল । তেওঁলোকে পুত্ৰৰ বাবে এটা বিশেষ কেক লৈ এক ছাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন কৰে, য’ত লিখা আছিল : ৩২% ।
ভাইৰেল ভিডিঅ’টোত অভিষেকক সমগ্ৰ পৰিয়ালৰ সৈতে- কেক কাটি, মিঠাই বিতৰণ কৰা, আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল হাঁহি থকা দেখা গৈছে ।
তেওঁৰ পিতৃ ইয়াল্লাপ্পা চোলাচাগুড্ডা এজন পেছাদাৰী ফটোগ্ৰাফাৰ । তেওঁ কয় যে অভিষেকে যদিও ৩২% নম্বৰ লাভ কৰিছে, তথাপিও তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল । এই উদযাপনৰ জৰিয়তে আমি তেওঁক উপলব্ধি কৰালোঁ যে তেওঁ অকলশৰীয়া নহয় ।
ইয়ালাপ্পাই কয়, এই উদযাপন ব্যৰ্থতা লুকুৱাবলৈ নহয় বৰঞ্চ প্ৰচেষ্টাক স্বীকাৰ কৰিবলৈহে কৰা হৈছিল । তেওঁৰ মতে, এই সৰু উদযাপনে পুত্ৰৰ আত্মবিশ্বাস ঘূৰাই আনিলে আৰু এতিয়া তেওঁ পৰৱৰ্তী প্ৰচেষ্টাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে । অভিষেকেও কয় যে মোৰ পৰিয়ালে মোক হাৰি যাবলৈ নিদিলে । এতিয়া অহাবাৰ পাছ কৰিম ।
এই পৰিয়ালটোক ছ’চিয়েল মিডিয়াত অলেখে প্ৰশংসা কৰিছে । কোনোৱে ইয়াক ‘প্ৰকৃত অভিভাৱকত্বৰ লক্ষ্য’ বুলি কোৱাৰ বিপৰীতে কোনোৱে লিখিছে যে এয়া অভিভাৱকত্ব ।