পাকিস্তানক সকীয়নি দি মোদীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি পুটিনৰ

ভাৰতৰ পক্ষত ৰাছিয়া… পাকিস্তানক সকীয়নি দি মোদীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি পুটিনৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে । তেওঁ নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে ।”

ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “পুটিনে জোৰ দি কয় যে এই জঘন্য আক্ৰমণৰ দোষী আৰু ইয়াৰ সমৰ্থকক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । দুয়োজন নেতাই বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।”

তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছে ।

শেহতীয়া প্ৰৱন্ধসমূহ