জম্মু-কাশ্মীৰৰ ৰামবন জিলাত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।নিয়ন্ত্ৰণ হেৰুৱাই ৭০০ ফুট দ’ খাৱৈত পৰিল সেনাবাহিনীৰ এখন বাহন। এই শোকাৱহ ঘটনাটোত ৩ গৰাকী জোৱান শ্বহীদ হয়।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বেটাৰী চাছমাৰ সমীপত পুৱা ১১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা কনভয়ৰ অংশ আছিল এই সেনাবাহিনীৰ ট্ৰাকখন।
দুৰ্ঘটনাটোৰ পিছতেই এছডিআৰএফ, আৰক্ষী, সেনা আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে যৌথভাৱে উদ্ধাৰ অভিযান চলায়।
দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। শ্বহীদ জোৱানসকলক অমিত কুমাৰ, সুজিত কুমাৰ আৰু মন বাহাদুৰ বুলি জানিব পৰা গৈছে।
জোৱানসকলৰ ত্যাগক লৈ সেনা আৰু প্ৰশাসন দুয়োটাই শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।