নিশা মাজ আকাশত আই এ এফৰ গোজৰণি!গংগা এক্সপ্ৰেছৱেত অৱতৰণ ৰাফেল-ছুখয় আৰু জাগুয়াৰ

ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰে নিশা (২ মে’) গংগা এক্সপ্ৰেছৱেত সৃষ্টি কৰিলে এক নতুন ইতিহাস।প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত নিশা বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমানে এক্সপ্ৰেছৱেত নিৰ্মিত বিশেষ ৰাণৱেত সফল অৱতৰণ কৰি দেশখনে গৌৰৱ অনুভৱ কৰিছিল। এই ক্ষণৰ সাক্ষী হ’বলৈ ওচৰৰ যথেষ্ট সংখ্যক লোক আহিছিল আৰু ভাৰতৰ

ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰে নিশা (২ মে’) গংগা এক্সপ্ৰেছৱেত সৃষ্টি কৰিলে এক নতুন ইতিহাস।প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত নিশা বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমানে এক্সপ্ৰেছৱেত নিৰ্মিত বিশেষ ৰাণৱেত সফল অৱতৰণ কৰি দেশখনে গৌৰৱ অনুভৱ কৰিছিল।

এই ক্ষণৰ সাক্ষী হ’বলৈ ওচৰৰ যথেষ্ট সংখ্যক লোক আহিছিল আৰু ভাৰতৰ সামৰিক শক্তিৰ লাইভ প্ৰদৰ্শন দেখি গৌৰৱ অনুভৱ কৰিছিল।

নিশা প্ৰায় ৯ বজাত গগন চুম্বি শব্দৰ সৈতে ৰাফেল, ছুখয়-৩০ এম কে আই আৰু ছুপাৰ হাৰকিউলিছৰ দৰে শক্তিশালী যুদ্ধ বিমানে আন্ধাৰ আকাশখনৰ ওপৰেৰে উৰি যায় আৰু তাৰ পিছত ই এক্সপ্ৰেছৱেৰ ষ্ট্ৰিপটো স্পৰ্শ কৰিবলৈ ধৰিলে, একেদৰে তাত উপস্থিত থকা হাজাৰ হাজাৰ লোকৰ মাজতো এক উৎসাহৰ ঢৌ বিয়পি পৰিল।

গংগা এক্সপ্ৰেছৱে উত্তৰ প্ৰদেশৰ এক অভিলাষী প্ৰকল্প, ইয়াৰ দৈৰ্ঘ্য ৫৯৪ কিলোমিটাৰ আৰু ই মেৰুটৰ পৰা প্ৰয়াগৰাজলৈকে বিস্তৃত হ’ব।

ইয়াৰ ভিতৰত শ্বাহজাহানপুৰৰ সমীপত ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপ নিৰ্মাণ কৰা হৈছে।যিটো বায়ুসেনাৰ বিমানে জৰুৰীকালীন অৱস্থাত উৰণ আৰু অৱতৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

এই সুবিধা দেশৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ।

শেহতীয়া প্ৰৱন্ধসমূহ