পেহেলগামৰ সন্ত্ৰাসবাদী নৰসংহাৰৰ ঘটনাৰ পিছত ভাৰত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তাৰে ভিতৰত ভাৰতত পাকিস্তানী তাৰকা সকলৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰিছে।
এই ব্লক লিষ্টত ছ’চিয়েল মিডিয়াত আটাইতকৈ বেছি জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ নামো সন্নিবিষ্ট হৈছে।এনে অৱস্থাত হানিয়াই নিজৰ দেশৰ সৈন্যৰ বিৰুদ্ধে মুখ খুলিছে!

ইতিমধ্যে ভাৰতীয়ৰ সৈতে বন্ধুত্বৰ বাবে নিজৰ দেশত কেইবাবাৰো সমালোচনাৰ সন্মুখীন হৈছে হানিয়া।দৰাচলতে টুইটাৰত কেছাৰী নামৰ একাউণ্টোত হানিয়া আমিৰৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে।
সেই পোষ্টটোত লিখিছিল যে, ‘কাশ্মীৰত জেনেৰেল অসীম মুনিৰে যি কৰিলে তাৰ বাবেই ভাৰতত পাকিস্তানী উদ্যোগটোক নিষিদ্ধ কৰা হৈছে।আনকি ছ’চিয়েল মিডিয়া একাউণ্টতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল’।
‘মই ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক অনুৰোধ কৰিছো যে পাকিস্তানৰ জনসাধাৰণে একো কৰা নাই।পেহেলগাম হত্যাকাণ্ডৰ আঁৰত পাকিস্তানী সেনা আৰু ইছলামিক সন্ত্ৰাসবাদী আছে’।
‘গতিকে পাকিস্তানৰ বাকী ৰাইজক কিয় শাস্তি দিছে?আপোনালোকক অনুৰোধ কৰিছো যে পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক,কিন্তু নিৰীহ নাগৰিকৰ বিৰুদ্ধে নহয়’।