ডিমা হাছাওত অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত নিহত তিনি উগ্ৰপন্থী

ডিমা হাছাওত শনিবাৰে সন্ধিয়াৰ পৰা চলি থকা ব্যাপক তালাচী অভিযানত অসম আৰক্ষী আৰু আছাম ৰাইফলছে এক সংঘৰ্ষত তিনি উগ্ৰপন্থীক হত্যা কৰে । দেওবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ এটা দলে প্ৰায় ৬০ ঘণ্টীয়া তালাচী অভিযানৰ অন্তত এদল সশস্ত্ৰ উগ্ৰপন্থীক দেখা পায় । এই সংঘৰ্ষ এন কুবিন আৰু হেৰা

ডিমা হাছাওত শনিবাৰে সন্ধিয়াৰ পৰা চলি থকা ব্যাপক তালাচী অভিযানত অসম আৰক্ষী আৰু আছাম ৰাইফলছে এক সংঘৰ্ষত তিনি উগ্ৰপন্থীক হত্যা কৰে । দেওবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ এটা দলে প্ৰায় ৬০ ঘণ্টীয়া তালাচী অভিযানৰ অন্তত এদল সশস্ত্ৰ উগ্ৰপন্থীক দেখা পায় । এই সংঘৰ্ষ এন কুবিন আৰু হেৰা কিলো অঞ্চলৰ মাজত সংঘটিত হৈছিল ।

গোপন তথ্যৰ ভিত্তিত অভিযান-

তথ্য প্ৰদান কৰি অসম আৰক্ষীৰ চি পি আৰ অ’ ৰাজীব শইকীয়াই কয় যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ধন দাবীৰ পত্ৰ দিয়া একাংশ সশস্ত্ৰ উগ্ৰপন্থীয়ে ডিমা হাচাও জিলাৰ কিছু অঞ্চলত আত্মগোপন কৰি থকাৰ তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা হৈছে ।

উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখি সংঘৰ্ষ-

দেওবাৰে পুৱা উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা হয় । সংঘৰ্ষ শেষ হোৱাৰ পিছতে অঞ্চলটোত তালাচী চলাই তিনিজন উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে । মৃত সন্ত্ৰাসবাদীৰ পৰা দুটা এ কে ছিৰিজ ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰা হয় ।

অঞ্চলটোত অব্যাহত থাকিব নিৰাপত্তাৰক্ষীৰ অভিযান-

এই এনকাউণ্টাৰত নিহত উগ্ৰপন্থী NSCNৰ কোনো এটা দলৰ সৈতে জড়িত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান এতিয়াও অব্যাহত আছে । সমগ্ৰ অঞ্চলটোত শান্তি আৰু নিৰাপত্তা নিশ্চিত নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব বুলি বিষয়াসকলে জনাইছে ।

শেহতীয়া প্ৰৱন্ধসমূহ