পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ বিৰুদ্ধে ভাৰতত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভাৰতত তেওঁৰ এক্স একাউণ্ট ব্লক কৰা হৈছে ।
জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতক লৈ তেওঁ অহৰহ বিভিন্ন বক্তব্য দি আছিল । ভাৰতৰ সৈতে সম্ভাৱ্য যুদ্ধ সন্দৰ্ভত বহু সাক্ষাৎকাৰত বিতৰ্কিত বক্তব্যও দিছে তেওঁ ।
ৰয়টাৰৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কৈছিল যে আমি আমাৰ বাহিনীৰ শক্তি আৰু অধিক বৃদ্ধি কৰিছো কাৰণ যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । তেওঁৰ বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । আছিফে নিজেই কয় যে তেওঁৰ বক্তব্য বিকৃত কৰা হৈছে ।
খোৱাজা আছিফে কৈছিল যে পাকিস্তান হাই এলাৰ্টত আছে । আমাৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলেহে আমি আমাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিম । যুদ্ধ হ’লে আমিও তাৰ বাবে মানসিকভাৱে সাজু হৈ থাকোঁ ৷ আগন্তুক দুই-তিনি-চাৰিদিনত যুদ্ধৰ সূচনা হোৱাৰ সম্ভাৱনা অতি স্পষ্ট ।
আছিফে কয় যে যদি পাকিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি কিবা ভাবুকি আহে তেন্তে আমি ইয়াৰ সন্মুখীন হ’বলৈ ১০০ শতাংশ সাজু । আগন্তুক কেইদিনমানত যুদ্ধৰ আশংকা আছে যদিও ইয়াৰ পৰা হাত সাৰিব পাৰি ।
ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে পাকিস্তানে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পুঁজিৰ সমৰ্থনৰ দীৰ্ঘ ইতিহাস আছে । স্কাই নিউজৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ কয় যে আমি ৩০ বছৰ ধৰি আমেৰিকাৰ বাবে এই কাম কৰি আহিছো ।
ভাৰতৰ সৈতে সৰ্বাত্মক যুদ্ধৰ কথা কোৱা খোৱাজা আছিফে কৈছিল যে পাকিস্তানত লস্কৰ-ই-তৈবা শেষ হৈছে । খোৱাজা আছিফে স্বীকাৰ কৰে যে পূৰ্বতে পাকিস্তানৰ সৈতে লস্কৰৰ কিছু সম্পৰ্ক পোৱা গৈছে । অৱশ্যে এতিয়া এই সন্ত্ৰাসবাদী সংগঠনৰ অন্ত পৰিল বুলিও তেওঁ কয় ।