‘কাশ্মীৰ আমাৰ, আমি আহিমেই…’; সন্ত্রাসবাদী আক্রমণৰ পাছত পেহেলগামত উপস্থিত বলীউডৰ অভিনেতা

বিগত ২৮ বছৰ ধৰি চলচ্চিত্ৰ জগতলৈ নিজৰ সৰ্বোত্তম অৱদান আগবঢ়োৱা প্ৰবীণ অভিনেতা অতুল কুলকাৰ্ণী কাশ্মীৰৰ উপত্যকাসমূহত ফুৰিবলৈ গৈছে। অতুলে নিজৰ সামাজিক মাধ্যমত কাশ্মীৰলৈ যোৱা এখন খালী বিমান আৰু আক্ৰমণৰ পিছত তেওঁ পেহেলগামৰ কিছু ছবি শ্বেয়াৰ কৰিছিল যিবোৰ অতি সোনকালে ভাইৰেল হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ

বিগত ২৮ বছৰ ধৰি চলচ্চিত্ৰ জগতলৈ নিজৰ সৰ্বোত্তম অৱদান আগবঢ়োৱা প্ৰবীণ অভিনেতা অতুল কুলকাৰ্ণী কাশ্মীৰৰ উপত্যকাসমূহত ফুৰিবলৈ গৈছে।

অতুলে নিজৰ সামাজিক মাধ্যমত কাশ্মীৰলৈ যোৱা এখন খালী বিমান আৰু আক্ৰমণৰ পিছত তেওঁ পেহেলগামৰ কিছু ছবি শ্বেয়াৰ কৰিছিল যিবোৰ অতি সোনকালে ভাইৰেল হৈ পৰিছে।

ইয়াৰ সমান্তৰালকৈ তেওঁ সামাজিক মাধ্যমত ৰাইজক কাশ্মীৰলৈ আহিবলৈও আহ্বান জনায়।‘ৰং দে বসন্তী’ খ্যাতি অতুল কুলকাৰ্ণীয়ে এটা সাক্ষাৎকাৰত কাশ্মীৰলৈ যোৱাৰ আচল উদ্দেশ্যৰ বিষয়ে কৈছে।

তেওঁ কৈছে যে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত তেওঁ নিজেই কাশ্মীৰলৈ গৈছে যাতে মানুহক এটা শক্তিশালী বাৰ্তা দিব পাৰো যে ভয় কৰাৰ প্ৰয়োজন নাই।

অভিনেতা গৰাকীয়ে কৈছিল যে, ‘এইখন আমাৰ কাশ্মীৰ, আমাৰ দেশ, আমি নিশ্চয় আহিম’।তেওঁ লগতে কয় যে মুম্বাইত বহি এই কথা ক’লে ভুল হ’লহেঁতেন৷

সেইবাবেই ৰাইজক আশ্বস্ত কৰিবলৈ মই নিজেই কাশ্মীৰলৈ আহিছো।সন্ত্ৰাসবাদীৰ চিন্তাধাৰাৰ প্ৰতি আমি উত্তৰ দিব লাগিব।তেওঁ ক’লে, ‘এয়া আমাৰ কাশ্মীৰ আৰু আমি ইয়ালৈ আহি থাকিম’।

শেহতীয়া প্ৰৱন্ধসমূহ