বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত কৰে।
এই জয়েৰে আই পি এল ২০২৫ৰ পইণ্ট তালিকাত তৃতীয় স্থান লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ দলটোৱে।
অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত বেগী বলাৰ জোছ হেজলউডে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক এই দৰ্শনীয় জয় প্ৰদানৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে।
বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলা আই পি এল মেচত জোছ হেজলউডে বিধ্বংসী ৰূপ ধাৰণ কৰে।
এই মেচখনত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বেটিং লাইনআপ ধ্বংস কৰে জোছ হেজলউডে। এই বেগী বলাৰজনে নিজৰ দুৰ্দান্ত বলিংৰে মেচখন ঘূৰাই দিয়ে।
যাৰ বাবে জোছ হেজলউডক ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হৈছে।ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৪ অভাৰত বলিং কৰি জোছ হেজলউডে ৩৩ ৰানত ৪ উইকেট দখল কৰে।
ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে আই পি এলৰ খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ জয়ৰ ক্ষেত্ৰত জোছ হেজলউডে ডাঙৰ ভূমিকা পালন কৰিছিল।
জোছ হেজলউডৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ৰাজস্থান ৰয়েলছ (আৰ আৰ)ক ১১ ৰানত পৰাস্ত কৰি মেচখনত জয়লাভ কৰে।