একেৰাহে ষষ্ঠবাৰৰ বাবে পৰাজয়ৰ পিছত হতাশাত প্ৰীতি জিন্টা

আৰচিবিৰ বিৰুদ্ধে পৰাজয়ৰ পিছত পঞ্জাৱ কিংছৰ প্লে অফৰ আশা শেষ হৈ গৈছে। একেৰাহে ষষ্ঠবাৰৰ বাবে পৰাজয়ৰ ফলত হতাশ হৈ পৰিছে প্ৰীতি জিন্টা।

২০২৬ চনৰ আই পি এলত উজ্জ্বল আৰম্ভণি কৰা পঞ্জাৱ কিংছ এতিয়া প্লে অফৰ দৌৰৰ বাহিৰত থকা যেন লাগে।ছিজনটোৰ প্ৰথমাৰ্ধত একেৰাহে জয় পঞ্জীয়ন কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰা দলটোৱে এতিয়া একেৰাহে পৰাজয়ৰ সন্মুখিন হৈছে।ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে পৰাজয়ৰ পিছত পঞ্জাৱ কিংছৰ সহ-মালিক প্ৰীতি জিণ্টাৰ হতাশগ্ৰস্ত মুখখন ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।

মেচ শেষ হোৱাৰ পিছত প্ৰীতি জিণ্টাই অধিনায়ক শ্ৰেয়াছ আয়াৰৰ সৈতে দীঘলীয়া কথা-বতৰাত লিপ্ত হোৱা দেখা গৈছিল।অধিনায়ক শ্ৰেয়াছ আয়াৰৰ মুখটো হতাশা স্পষ্টকৈ দেখা গৈছিল।এই মুহূৰ্তটো প্ৰত্যক্ষ কৰি অনুৰাগীসকলো আৱেগিক হৈ পৰিছিল।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত পঞ্জাৱ কিংছে এই ছিজনটো দৰ্শনীয় ধৰণেৰে আৰম্ভ কৰিছিল।একেৰাহে ছখন মেচত জয়লাভ কৰি দলটোৱে খিতাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। বেটিং আৰু বলিং দুয়োটা বিভাগতে দলটোৱে ভাৰসাম্য ৰক্ষা কৰিছিল।

অৱশ্যে প্ৰতিযোগিতাখনৰ দ্বিতীয়াৰ্ধত পঞ্জাৱৰ গতিবেগ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।প্ৰথমটো পৰাজয়ৰ পিছত দলটো ক্ৰমাৎ হেঁচাত পৰিল আৰু বৰ্তমানৰ পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে একেৰাহে ছখন মেচত পৰাস্ত হোৱাৰ পিছত প্লে অফৰ আশাও শেষ হৈ গৈছে।এতিয়া পঞ্জাব কিংছৰ ১৩খন মেচৰ পৰা ১৩ পইণ্টত আছে, আৰু দলটোৰ মাজত মাত্ৰ এখন মেচ বাকী আছে।

লগতে পঢ়ক: অন্তিমবাৰৰ বাবে আই পি এলত খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে?  তীব্ৰতৰ হৈ পৰিছে অৱসৰৰ জল্পনা-কল্পনা

আৰ চি বিৰ বাবে ‘ছুপাৰমেন’ হৈ পৰিল জোছ হেজলউড; ৰাজস্থানৰ হাতৰ পৰা আজুৰি নিলে জয়

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত কৰে।

এই জয়েৰে আই পি এল ২০২৫ৰ পইণ্ট তালিকাত তৃতীয় স্থান লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ দলটোৱে।

অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত বেগী বলাৰ জোছ হেজলউডে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক এই দৰ্শনীয় জয় প্ৰদানৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলা আই পি এল মেচত জোছ হেজলউডে বিধ্বংসী ৰূপ ধাৰণ কৰে।

এই মেচখনত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বেটিং লাইনআপ ধ্বংস কৰে জোছ হেজলউডে। এই বেগী বলাৰজনে নিজৰ দুৰ্দান্ত বলিংৰে মেচখন ঘূৰাই দিয়ে।

যাৰ বাবে জোছ হেজলউডক ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হৈছে।ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৪ অভাৰত বলিং কৰি জোছ হেজলউডে ৩৩ ৰানত ৪ উইকেট দখল কৰে।

ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে আই পি এলৰ খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ জয়ৰ ক্ষেত্ৰত জোছ হেজলউডে ডাঙৰ ভূমিকা পালন কৰিছিল।

জোছ হেজলউডৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ৰাজস্থান ৰয়েলছ (আৰ আৰ)ক ১১ ৰানত পৰাস্ত কৰি মেচখনত জয়লাভ কৰে।

জয়পুৰত আৰচিবিৰ জয়-জয়কাৰ; ছয়খন মেচত আৰচিবিৰ চতুৰ্থটো জয়

আই পি এল ২০২৫ ত আকৌ এবাৰ আৰ চি বিৰ দলটোৱে জয়ৰ মুখ দেখিছে। আৰ চি বিয়ে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ঘৰুৱা মাটিত নিজৰ ধ্বজা উৰুৱাইছে।

বিৰাট কোহলী আৰু ফিলিপ ছল্টে দুৰ্দান্ত প্ৰদৰ্শনৰে ৯ উইকেটত জয় পঞ্জীয়ন কৰে৷অধিনায়ক পাটিদাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ৰাজস্থানৰ না স্পিনাৰ যাদু চলিল না পেচাৰসকলৰ কোনো কাম আহিল।

আৰ চি বিয়ে টছত জয়লাভ কৰি ৰাজস্থানক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। মেচখনত চেমচন এণ্ড কোম্পানীয়ে সুন্দৰ আৰম্ভণি কৰিছিল।যুৱ বেটছমেন যশস্বী জয়ছৱালকো বিস্ফোৰক ৰূপত দেখা গ’ল।

তেওঁ ২টা ছয় আৰু ১০টা চাৰিৰ সহায়ত ৪৭টা বলত ৭৫ ৰানৰ অগ্নিময় ইনিংছ খেলিছিল আৰু দলটোৰ স্ক’ৰ ১৭৪ লৈ বৃদ্ধি কৰে।

১৭৪ ৰানৰ উত্তৰত আৰ চি বিয়ে একপক্ষীয়ভাৱে জয়লাভ কৰে।ৰাজস্থানৰ মাত্ৰ এজন বলাৰহে এটা উইকেট ল’বলৈ সক্ষম হয়।ইমপেক্টৰ খেলুৱৈ কুমাৰ কাৰ্তিকেয়াই ফিলিপ ছল্টৰ ধুমুহাময় ইনিংছত ব্ৰেক লগাই।

আৰচিবিৰ এইটো চতুৰ্থটো জয়। বৰ্তমানলৈকে ৬ খনৰ ভিতৰত মাত্ৰ ২ খন মেচত হে পৰাস্ত হৈছে আৰ চি বি।একে সময়তে একেৰাহে দ্বিতীয়খন খেলত পৰাস্ত হৈছে ৰাজস্থানৰ দলটো।