কোনো সাৰি নাযাব… পহলগাম আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

দক্ষিণ কাশ্মীৰৰ প্ৰধান পৰ্যটনস্থলী পহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে কমেও ২০ জন আহত হয় । এই আক্ৰমণক গৰিহণা দি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ছচিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো

দক্ষিণ কাশ্মীৰৰ প্ৰধান পৰ্যটনস্থলী পহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে কমেও ২০ জন আহত হয় । এই আক্ৰমণক গৰিহণা দি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ছচিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহত লোকসকল অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো । ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে ।

কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’বঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে– এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলক ন্যায়ৰ কাঠগঢ়ালৈ অনা হ’ব… তেওঁলোকক ৰেহাই দিয়া নহ’ব ! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’ব । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অদম্য আৰু ই আৰু অধিক শক্তিশালী হৈ উঠিব ।

গৃহমন্ত্ৰীৰ পৰা ল’লে তথ্য, কাশ্মীৰ যাবলৈ দিলে নিৰ্দেশ-

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত তথ্য বিচাৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে গৃহমন্ত্ৰীক অতি শীঘ্ৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে য’ত জম্মু-কাশ্মীৰৰ বহু উচ্চপদস্থ বিষয়াক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংযোগ কৰা হয় । তথ্য অনুসৰি এই বৈঠকৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰলৈ ৰাওনা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ