ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন দীৰ্ঘদিন ধৰি তেওঁলোকৰ সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।
এই বাতৰিটো যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল যেতিয়া দুয়োজনে পৃথকে পৃথকে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত উপস্থিত হৈছিল।
য’ত ঐশ্বৰ্যই কন্যা আৰাধ্যাৰ সৈতে বিয়াত উপস্থিত হৈছিল, আনহাতে অভিষেক পৰিয়ালসহ বিয়াত উপস্থিত হৈছিল। তাৰ পিছৰে পৰাই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে অনুৰাগীৰ মনত চৰ্চা লাভ কৰিছিল।
অৱশ্যে ইয়াৰ মাজতে দুয়োকে কিছু কিছু স্থানত একেলগে দেখা গৈছে, কিন্তু অনুৰাগীসকলে বিশ্বাস কৰিব পৰা নাই যে দুয়োৰে মাজত সকলো ঠিকেই আছে।
দুয়োৰে আজি ১৮ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰা হৈছে।২ বছৰ ডেটিং কৰি ২০০৭ চনত দুয়োৰে বিবাহপাশত আবদ্ধ হয়।
শেহতীয়াকৈ বিবাহৰ ১৮ বছৰীয়া জয়ন্তী উপলক্ষে ঐশ্বৰ্যই তেওঁৰ ইনষ্টাগ্ৰামত এখন পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক স্বামী অভিষেক আৰু কন্যা আৰাধ্যাৰ সৈতে দেখা গৈছে।
অৱশ্যে এই ছবিখন দেখাৰ পিছত একাংশ ব্যৱহাৰকাৰীয়ে এইখন এখন পুৰণি ছবি বুলি দাবী কৰিছে।এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত ঐশ্বৰ্যই কেপচনত মাত্ৰ এটা হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে।