দুদিন পূৰ্বে পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ প্ৰতিশোধ ল’লে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰচিবি)য়ে।ঘৰুৱা খেলপথাৰত আজি বিৰাট কোহলীৰ দল আৰ চি বিয়ে পঞ্জাৱক পৰাস্ত কৰে।২০২৫ চনৰ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ এয়া পঞ্চমটো জয়।
চণ্ডীগড়ৰ মুলনপুৰ ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দলৰ মাজত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৩৭ সংখ্যক খেলা গৈছিল। এই জয়ৰ লগে লগে দলটো পইণ্ট ১০ ত উপনীত হৈছে।
এই মেচত আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।প্ৰথমে বেটিং কৰি পঞ্জাব কিংছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে।
য’ত শশাংক সিঙে ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কো জান্সেনে ২৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।ইয়াৰ উত্তৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ১৮.৫ অভাৰত ৩ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে।এইদৰে বেংগালুৰু দলে এই খেলখনত ৭ উইকেটত জয়লাভ কৰে।
দুদিন পূৰ্বে পঞ্জাব কিংছে নিজৰ ঘৰুৱা খেলপথাৰ অৰ্থাৎ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বিক ৫ উইকেটত পৰাস্ত কৰিছিল।তাৰেই যেন আজি প্ৰতিশোধ পূৰণ কৰিলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু এ।