ভাৰতত উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত বিগত কেইবামাহো ধৰি আলোচনা চলি আছে। অৱশ্যে এতিয়া সময়ৰ লগে লগে এনে লাগে যেন ইলন মাস্কৰ কোম্পানীয়ে হয়তো শীঘ্ৰে ভাৰতত প্ৰৱেশ কৰিব পাৰে।
শেহতীয়াকৈ কোম্পানীটোৰ বহু জ্যেষ্ঠ প্ৰতিনিধিয়ে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালক সাক্ষাৎ কৰি ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিছে।
এই বৈঠকৰ পিছত এতিয়া এনে লাগিছে যেন আমি হয়তো অতি সোনকালে আমাৰ দেশত চেটেলাইট ভিত্তিক ইণ্টাৰনেটৰ সুবিধা পাম।
ষ্টাৰলিংক প্ৰৱেশৰ পিছত মানুহে পৰম্পৰাগত মোবাইল নেটৱৰ্ক আৰু কেবলৰ জৰিয়তে প্ৰদান কৰা ইণ্টাৰনেট সেৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাথাকিব।
উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সংযোগ থকাৰ এটা ডাঙৰ সুবিধা এইটোও যে সেইবোৰ স্থানটো আমি সহজে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিম য’ত মোবাইল টাৱাৰ বা কেবল সেৱা অৰ্থাৎ ব্ৰডবেণ্ডৰ সুবিধা উপলব্ধ নহয়।
ভাৰতত ষ্টাৰলিংক সংযোগ পাবলৈ কিমান খৰচ হ’ব আৰু বৰ্তমান ইয়াৰ মাহিলী খৰচ কিমান হ’ব সেই বিষয়ে বৰ্তমানলৈকে কোনো তথ্য পোৱা নাই।
কিন্তু কিছু তথ্য অনুসৰি ভাৰতত ইয়াৰ মাহিলী মূল্য প্ৰায় ৯০০০ৰ পৰা ১০,৫০০ টকা হ’ব পাৰে।এই দাম বৰ্তমান আমেৰিকাৰ দৰে দেশৰ সমান।যদি ভাৰতত এই মূল্যত মুকলি কৰা হয় তেন্তে ষ্টাৰলিংক সাধাৰণ নাগৰিকৰ হাতৰ মুঠিৰ বহু বাহিৰত হ’ব পাৰে।
ষ্টাৰলিংকৰ সেৱাৰ সুবিধা ল’বলৈ গ্ৰাহকে কিনিব লাগিব বিশেষ ধৰণৰ কিট।এই কিটত ব্যৱহাৰকাৰীসকলে চেটেলাইট ডিচ, ৰাউটাৰ আৰু ইনষ্টলেচন সমৰ্থন পাব।
এক তথ্য অনুসৰি এই ষ্টাৰলিংক কিটৰ মূল্য ৩০ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈকে হ’ব পাৰে।কোৱা হৈছে যে গ্ৰাহকে প্ৰথম বছৰৰ বাবে মুঠ ১.৫ লাখ টকা খৰচ কৰিব লাগিব আনহাতে দ্বিতীয় বছৰৰ পৰা ব্যৱহাৰকাৰীয়ে কেৱল মাহিলী সেৱা মাচুলহে দিব লাগিব।