ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনতো ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে । দেওবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ হাতত ২ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজস্থান ৰয়েলছ । চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ এয়া একেৰাহে চতুৰ্থটো পৰাজয় আৰু ৮খন মেচৰ পৰা দলটোৱে মাত্ৰ ৪ পইণ্টহে লাভ কৰিছে ।
জিকিব লগা মেচ হেৰুৱালে ৰাজস্থানে-
মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰাজস্থান ৰয়েলছক ১৮১ ৰানৰ লক্ষ্য দি জয়লাভ কৰে । লক্ষ্য অনুসৰণ কৰি ৰয়েলছৰ দলটোৱে এটা সময়ত দুটা উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰি অতি শক্তিশালী স্থানত আছিল যদিও আৱেশ খানৰ তীক্ষ্ণ বলিঙৰ বাবে ৫ উইকেটত মাত্ৰ ১৭৮ ৰানহে কৰিবলৈ সক্ষম হয় । ১৮ নং অভাৰত যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগক আউট কৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সপক্ষে খেলখন ঘূৰাই আনে আৱেশে ।
ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে আঘাতৰ বাবে এই মেচত খেলা নাছিল । এনে পৰিস্থিতিত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে । অৱশ্যে ৰিয়ানেও দলটোৰ ভাগ্য সলনি কৰিব নোৱাৰিলে । লক্ষ্ণৌৰ বিৰুদ্ধে হোৱা পৰাজয়ৰ পিছতে এতিয়া ৰিয়ানে দুখ প্ৰকাশ কৰিছে । ৰিয়ানে কয় যে তেওঁ নাজানে দলটোৱে কি ভুল কৰিলে । অৱশ্যে পৰাজয়ৰ বাবে ৰিয়ানে নিজকে দোষাৰোপ কৰিছে ।
খেলৰ অন্তত ৰিয়ান পৰাগে কয়, ‘আৱেগ প্ৰকাশ কৰাটো সঁচাকৈয়ে কঠিন । আমি কি ভুল কৰিলোঁ নাজানো ৷ ১৮ বা ১৯ অভাৰলৈকে আমি মেচত আছিলো । মই নাজানো । মই নিজকে দোষ দিওঁ । আমি মেচখন ১৯ নং অভাৰত নিজেই শেষ কৰিব লাগিছিল । আমি একেলগে খেলিব লাগিব ।‘
‘শেষ অভাৰটো দুৰ্ভাগ্যজনক আছিল…’
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ইনিংছৰ শেষ অভাৰটো ৰাজস্থানৰ বাবে ভাল নাছিল বুলি ৰিয়ান পৰাগে কয়, য’ত ২৭ ৰান সংগ্ৰহ কৰিছিল লক্ষ্ণৌয়ে । ৰিয়ানে কয়, ‘শেষ অভাৰটো দুৰ্ভাগ্যজনক আছিল । মই ভাবিছিলো আমি তেওঁলোকক ১৬৫-১৭০ ত সীমাবদ্ধ কৰি ৰাখিব পাৰিলোহেঁতেন । আমি ২০ ৰান অতিৰিক্ত দিলোঁ, কিন্তু লক্ষ্যত উপনীত হ’ব লাগিছিল ।‘