ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেট্টীয়ে আই পি এল ২০২৫ৰ আৰম্ভণিতে পিতৃ-মাতৃ হৈছিল। অভিনেত্ৰী আথিয়াই ২৪ মাৰ্চত এগৰাকী কন্যা সন্তান জন্ম দিয়ে।
আজি ৰাহুলৰ ৩৩ সংখ্যক জন্মদিন উপলক্ষ্যে ছ’চিয়েল মিডিয়াত এখন মৰমলগা ছবি শ্বেয়াৰ কৰিছে।এই ফটোখনত কে এল ৰাহুল পত্নী আথিয়া ছেট্টী আৰু তেওঁলোকৰ কন্যাক দেখা পোৱা গৈছে।
ফটোখন শ্বেয়াৰ কৰাৰ লগতে তেওঁলোকে জীয়ৰীৰ নামো প্ৰকাশ কৰিছে। ৰাহুল আৰু আথিয়াই নিজৰ কন্যাৰ নাম ৰাখিছে ইভাৰা।ৰাহুলে জীয়েকৰ নামৰ অৰ্থও কৈছে।ইভাৰাৰ অৰ্থ হৈছে ঈশ্বৰৰ উপহাৰ।

কে এল ৰাহুল আৰু আথিয়া শ্বেট্টীৰ অনুৰাগীসকলে শিশুটিৰ এটি আভাস আৰু নামটো জানিবৰ বাবে আগ্ৰহী হৈ আছিল। ৰাহুলে এতিয়া তেওঁলোকৰ অনুৰাগীসকলক এই ভাল খবৰটো দিছে।
সামাজিক মাধ্যমত ফটোখন শ্বেয়াৰ কৰি ৰাহুলে এটা মৰমলগা কেপচনো লিখিছিল।তেওঁ লিখিছে- আমাৰ ছোৱালী, আমাৰ সকলো। ইভাৰা – ঈশ্বৰৰ উপহাৰ।
অৰ্থাৎ ইভাৰা হৈছে ঈশ্বৰে তেওঁলোকক দিয়া বহুমূলীয়া উপহাৰ।ৰাহুলৰ এই পোষ্টটোত অনুৰাগীসকলে ইভাৰাক যথেষ্ট মৰমৰ আৰু আশীৰ্বাদ দিছে ।