বৰ্তমান আমেৰিকা ভ্ৰমণত আছে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্ডানো মেল’নি। এই সময়চোৱাত জিঅৰ্ডানো মেল’নিয়ে হোৱাইট হাউছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে।
শুল্ক আৰোপ কৰাৰ পিছত ইউৰোপৰ প্ৰথমগৰাকী নেত্ৰী মেল’নি, যি আমেৰিকাত উপস্থিত হৈ ট্ৰাম্পক লগ পাইছিল।ইফালে, ট্ৰাম্পে মেল’নিক সম্পূৰ্ণ হৃদয়েৰে প্ৰশংসা কৰিছে।
তেওঁ কয় যে মেল’নিৰ আচৰিত প্ৰতিভা আছে।তেখেতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নেত্ৰী সকলৰ ভিতৰত এগৰাকী, তেওঁৰ চমৎকাৰি ব্যক্তিত্ব আছে আৰু তেওঁৰ দৰে কোনো নাই। আমাৰ সম্পৰ্ক অতি ভাল আৰু দুয়োখন দেশ ঐক্যবদ্ধভাৱে আগবাঢ়িছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে মেলোনীক এগৰাকী মহান প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰি কৈছে যে তেওঁ সমগ্ৰ ইউৰোপতে আলোড়নৰ সৃষ্টি কৰিছে।মই তেওঁক প্ৰথম দিনৰ পৰাই চিনি পাওঁ আৰু মই সদায় বিশ্বাস কৰোঁ যে তেওঁৰ আচৰিত প্ৰতিভা আছে।
হোয়াইট হাউছত মেল’নি আৰু ট্ৰাম্পৰ মাজত বাণিজ্য, শুল্কৰ পৰা আৰম্ভ কৰি অনুপ্ৰৱেশ আৰু পশ্চিমীয়া জাতীয়তাবাদৰ বিষয়সমূহো আলোচনা কৰা হয়।
ইয়াৰ মাজতে ট্ৰাম্পে কয় যে তেওঁ খৰখেদাকৈ ব্যৱসায়িক চুক্তি কৰিব নিবিচাৰে।শুল্কৰ দ্বাৰা আমেৰিকাই বহু লাভৱান হৈছে। অৱশ্যে এই সময়ছোৱাত ট্ৰাম্পে ইউৰোপীয় সংঘৰ সৈতে চুক্তিৰ ইংগিতও দিছিল।
এই সময়ত মেল’নিয়ে কয় যে ইটালীৰ কোম্পানীসমূহে আমেৰিকা আৰু ইটালীত ১০ বিলিয়ন ইউৰো বিনিয়োগ কৰিব, আমেৰিকাৰ পৰা শক্তিৰ আমদানি বৃদ্ধি কৰিব।
উল্লেখ্য যে মেল’নি ইউৰোপৰ একমাত্ৰ নেত্ৰী আছিল, যিয়ে ২০ জানুৱাৰীত ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।বহু বিষয়ত মেলোনি আৰু ট্ৰাম্পৰ মতামত একে।