আই পি এল ২০২৫ৰ ৩৩ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত খেলা হৈছে।
এই মেচত মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।
মুম্বাই ইণ্ডিয়ানছ দলটোৱে বৰ্তমানলৈকে ৬ খন মেছৰ ৪ খনত পৰাজয় লাভ কৰি পইণ্ট টেবুলত ৭ম স্থানত আছে।হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে এতিয়া লৈকে ভিতৰত মাত্ৰ দুখন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে।
ইফালে হায়দৰাবাদৰ দলটোৱেও এই ছিজনত এতিয়ালৈকে ৬খন খেল খেলিছে য’ত ৪খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে।হায়দৰাবাদ দলটো বৰ্তমান পইণ্ট তালিকাৰ ৯ম স্থানত আছে ।
এই মেচখন দুয়োটা দলৰ বাবে প্লে অফৰ দৌৰত থাকিবলৈ অতি গুৰুত্বপূৰ্ণ।এই ছিজনটো দুয়োটা দলৰ বাবেই ভাল বুলি ক’ব নোৱাৰি।