ভাৰতৰ চুবুৰীয়া দেশ আফগানিস্তানত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ ভূমিকম্প । বুধবাৰে পুৱা প্ৰায় ৪.৪৩ বজাত দেশখনক ভূমিকম্পই জোকাৰি যায় বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই । ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৯ বুলি জানিব পৰা গৈছে । এন চি এছৰ তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ৭৫ কিলোমিটাৰ গভীৰতাত । ইফালে আফগানিস্তানত হোৱা ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে ।
এই স্পৰ্শকাতৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্ৰছে-
UNOCHA ৰ মতে আফগানিস্তান ঋতুভিত্তিক বানপানী, ভূমিস্খলন আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে অতি সংবেদনশীল অঞ্চল । ইয়াত সঘনাই হোৱা ভূমিকম্পই দুৰ্বল জনগোষ্ঠীৰ ক্ষতিসাধন কৰে । দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে পৰিচিত আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰেড ক্ৰছৰ মতে, ইয়াৰ পূৰ্বেও আফগানিস্তানত কেইবাবাৰো শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে । হিন্দুকুশ পৰ্বতমালা ভূতাত্ত্বিকভাৱে সক্ৰিয় অঞ্চল । ইয়াৰ বাবে প্ৰতি বছৰে ইয়াত বহুতো ভূমিকম্পৰ সংঘটিত হয় ।
অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো জন-ধনৰ ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই ।