বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেওবাৰে মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰক তীব্ৰ সমালোচনা কৰি বিদেশী শক্তিৰ সৈতে ষড়যন্ত্ৰ কৰি ক্ষমতাৰ পিয়াহ দূৰ কৰিবলৈ দেশখনক পতন ঘটোৱাৰ ষড়যন্ত্ৰ কৰা “স্বাৰ্থপৰায়ণ দখলকাৰী” বুলি অভিহিত কৰে । আঠ মিনিটৰ ভাৰ্চুৱেল ভাষণত তেওঁ প্ৰতিৰোধৰ মুখ হৈ পৰা ছাত্ৰ প্ৰতিবাদকাৰী আবু ছাইদক কোনে হত্যা কৰিলে সেই লৈও সন্দেহ প্ৰকাশ কৰে ।
যোৱা বছৰৰ আগষ্ট মাহত নিজৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰাত ভাৰতলৈ পলায়ন কৰা হাছিনাই কিছুদিন পূৰ্বে বাংলাদেশলৈ ঘূৰি যোৱাৰ ইংগিত দিছিল আৰু এই কাৰণেই আল্লাহে তেওঁক জীয়াই ৰাখিছে বুলি কৈছিল । দেওবাৰে সমৰ্থকসকলক সম্বোধন কৰি তেওঁ ইউনুছে বাংলাদেশৰ ইতিহাস বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামত আৱামী লীগৰ অৱদান মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰে ।
তেওঁ কয়, “বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সকলো চিহ্ন মচি পেলোৱা হৈছে । স্বাধীনতা সংগ্ৰামীক অপমান কৰা হৈছে । তেওঁলোকৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি সকলো জিলাতে স্মৃতিসৌধ নিৰ্মাণ কৰিছিলোঁ, কিন্তু সেইবোৰ জ্বলাই দিয়া হৈছে । ড° ইউনুছে ইয়াৰ ন্যায্যতা প্ৰদান কৰিব পাৰিবনে ?” তেওঁ মুখ্য উপদেষ্টাজনক সকীয়াই দিয়ে, “জুইৰ সৈতে খেলিলে ই আপোনাকো জ্বলাব ।”
অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ওপৰত হাছিনাই কৰা আক্ৰমণ কঠোৰ আছিল আৰু কূটনৈতিকতাৰ পৰা বহু দূৰত আছিল । দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱাৰ সাত মাহৰ পাছত তেওঁ বাংলাদেশ ধ্বংস কৰিব বিচৰা বিদেশী ষড়যন্ত্ৰৰ দাবী পুনৰ দোহাৰে ।
তেওঁ কয়, “সেই ঋণী, ক্ষমতালোভী, ধনৰ লোভী, আত্মকেন্দ্ৰিক ব্যক্তিজনে বিদেশী ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু বিদেশৰ পৰা ধন ব্যৱহাৰ কৰি দেশ ধ্বংস কৰিছিল । বি এন পি (বাংলাদেশ নেচনেলিষ্ট পাৰ্টি) আৰু জামাত-ই-ইছলামীয়ে (ৰাজনৈতিক) হত্যা আৰু আৱামি লীগৰ নেতাক হাৰাশাস্তি কৰি আছে ।”
পূৰ্ব প্ৰধানমন্ত্ৰী বেগম খালিদা জীয়াৰ নেতৃত্বত থকা বি এন পি, আৱামী লীগৰ একমাত্ৰ প্ৰমুখ ৰাজনৈতিক বিৰল্প, যি শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ সক্ষম হৈছিল । যোৱা বছৰ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বি এন পিৰ ক্ষমতা পুনৰ লাভৰ চেষ্টাত এক উত্থান ঘটিছিল যদিও জিয়াৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে সেয়া হৈ উঠাৰ সম্ভাৱনা নাই ।
শ্বেখ হাছিনাই কয় যে, “আৱামি লীগৰ নেতাক উপদ্ৰৱকাৰীৰ মৃত্যুৰ বাবে অভিযুক্ত কৰা হৈছে । থানা জ্বলাই আৰক্ষীক প্ৰহাৰ কৰাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হোৱা নাই । আৱামি লীগৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । আমাৰ নেতাসকল ঘৰত থাকিব পৰা নাই, সকলো ধ্বংস হৈ গৈছে ।”
তেওঁ কয় যে মহম্মদ ইউনুছে ইয়াৰ পৰিণামৰ বিষয়ে ভালদৰেই জানিছিল যদিও ক্ষমতাৰ ক্ষুধাই তেওঁক পৰিচালিত কৰিছিল ।