বাংলাদেশৰ নিৰ্বাচনক অসাংবিধানিক আখ্যা শ্বেখ হাচিনাৰ, ইউনুছ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰৱঞ্চনামূলক, অবৈধ আৰু অসাংবিধানিক বুলি অভিহিত কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ মাজতে পদচ্যুত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰৱঞ্চনামূলক, অবৈধ আৰু অসাংবিধানিক বুলি অভিহিত কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শ্বেখ হাচিনাই নিৰ্বাচন বৰ্জন কৰাৰ বাবে দেশৰ জনসাধাৰণ বিশেষকৈ মহিলা, সংখ্যালঘু সম্প্ৰদায়, সমৰ্থকসকলক ধন্যবাদ জনাই অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে গণতান্ত্ৰিক ব্যৱস্থাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য য়ে, বাংলাদেশৰ জনসাধাৰণে বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ সাধাৰণ নিৰ্বাচনত নতুন চৰকাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰে । ২০২৪ চনৰ আগষ্ট মাহত আৱামী লীগ চৰকাৰৰ পতনৰ পিছত ক্ষমতা দখল কৰা অন্তৱৰ্তীকালীন প্ৰশাসনৰ ঠাইত এই নিৰ্বাচন অনুষ্ঠিত হৈছে । দেশখনৰ ৩০০টা সংসদীয় সমষ্টিৰ ভিতৰত ২৯৯টা সমষ্টিত পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটদান অনুষ্ঠিত হয় । এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে এটা সংসদীয় সমষ্টিত নিৰ্বাচন বাতিল কৰা হয় । ভোটদানৰ সমান্তৰালভাৱে ৮৪ দফীয়া সংস্কাৰ পেকেজৰ সন্দৰ্ভতো গণভোট অনুষ্ঠিত হয় ।

এই নিৰ্বাচনত মূলতঃ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বিএনপি) আৰু ইয়াৰ পূৰ্বৰ মিত্ৰ জামাত-ই-ইছলামীৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হৈছে । মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে যোৱা বছৰ আৱামী লীগ ভংগ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰিছিল ।

‘অবৈধভাৱে ক্ষমতা দখল কৰিলে ইউনুছে’

ইফালে শ্বেখ হাচিনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে ইউনুছে অবৈধ আৰু অসাংবিধানিকভাৱে ক্ষমতা দখল কৰিছে আৰু তেওঁৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনত জনসাধাৰণৰ ভোটাধিকাৰ আৰু গণতান্ত্ৰিক মূল্যবোধক অৱজ্ঞা কৰা হৈছে । আৱামি লীগ আৰু অন্যান্য ভোটাৰক বাদ দি অনুষ্ঠিত কৰা এই নিৰ্বাচন পূৰ্ব পৰিকল্পিত প্ৰৱঞ্চনা বুলি অভিযোগ কৰে তেওঁ ।

শ্বেখ হাচিনাই দাবী কৰে যে ভোটগ্ৰহণ কেন্দ্ৰ দখল কৰা, গুলীচালনা কৰা, ভোট ক্ৰয়ৰ বাবে ধন ব্যৱহাৰ কৰা, বেলট পেপাৰত বলপূৰ্বক ষ্টাম্প কৰা আৰু এজেণ্টক ফলাফল পত্ৰত স্বাক্ষৰ কৰোৱা আদি কাণ্ড ১১ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছিল । তেওঁ কয় যে ১২ ফেব্ৰুৱাৰীৰ পুৱা সমগ্ৰ দেশত ভোটদানৰ শতকৰা হাৰ অতি কম হোৱাৰ বাবে বহু ভোটকেন্দ্ৰ সম্পূৰ্ণ খালী হৈ আছে ।

‘জনসাধাৰণে নিৰ্বাচন বৰ্জন কৰিলে’

নিৰ্বাচন আয়োগৰ তথ্যৰ উদ্ধৃতি দি তেওঁ কয় যে পুৱা ১১ বজাৰ ভিতৰত ভোটাৰৰ ভোটদানৰ হাৰ মাত্ৰ ১৪.৯৬ শতাংশহে আছিল, যিয়ে প্ৰমাণ কৰে যে আৱামি লীগৰ অনুপস্থিতিত জনসাধাৰণে নিৰ্বাচন বৰ্জন কৰিছে । শ্বেখ হাচিনাই লগতে অভিযোগ কৰে যে আৱামি লীগৰ সমৰ্থক, ভোটাৰ, সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ভীতি প্ৰদৰ্শন, গ্ৰেপ্তাৰ, আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ পিছতো ৰাইজে ভয় আৰু হেঁচাক আওকাণ কৰি নিৰ্বাচন নাকচ কৰে ।

বিশেষকৈ ঢাকাত নিৰ্বাচনী তালিকাত ভোটাৰৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বুলিও দাবী কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে, যিটো সন্দেহজনক । শ্বেখ হাচিনাই তেওঁৰ বিবৃতিত নিৰ্বাচন বাতিল কৰা, মহম্মদ ইউনুছে পদত্যাগ কৰা, সকলো ৰাজনৈতিক বন্দী, শিক্ষক, সাংবাদিক, পেছাদাৰী লোকক মুকলি কৰি দিয়া, আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা আৰু নিকা আৰু মুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰপেক্ষ তত্ত্বাৱধায়ক চৰকাৰৰ অধীনত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় ।

লগতে পঢ়ক : কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল

ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ

বাংলাদেশৰ শেহতীয়া পৰিস্থিক লৈ উদ্বেগ প্ৰকাশ কৰিছে দেশখনৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই । মহম্মদ ইউনুছক তীব্ৰ সমালোচনা কৰি হাচিনাই কয় যে, তেওঁ কোনো ৰাজনীতিবিদ নহয়, তেওঁৰ জটিল দেশ চলোৱাৰ কোনো অভিজ্ঞতাও নাই ।

বাংলাদেশৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিছে । সংখ্যালঘুৰ বিৰুদ্ধে হিংসা সংঘটিত হৈছে আৰু ঠায়ে ঠায়ে ধ্বংসাত্মক কাৰ্য, অগ্নিসংযোগৰ খবৰ প্ৰকাশ পাইছে । ভাৰত বিৰোধী প্ৰতিবাদো বৃদ্ধি পাইছে । পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই কয় যে ইউনুছৰ কাৰ্যকালত আইন-শৃংখলাৰ অৱনতি ঘটিছে, হিংসা সাধাৰণ হৈ পৰিছে । ভাৰত বিৰোধী প্ৰতিবাদ সন্দৰ্ভত তেওঁ কয় যে এইবোৰ দেশৰ স্বাৰ্থত নহয় । ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি আৰু নিৰাপত্তা নিৰ্ভৰশীল বুলিও কয় হাচিনাই ।

যোৱা বছৰ ঢাকাত ছাত্ৰ প্ৰতিবাদৰ মাজতে ভাৰতলৈ পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই এক সাক্ষাৎকাৰত ইছলামিক প্ৰভাৱ আৰু নিৰাপত্তাজনিত বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, “মই এই উদ্বেগ বুজি পাওঁ আৰু সেইদৰে বৃহৎ সংখ্যক বাংলাদেশীয়েও বুজি পায় যিসকলে নিৰাপদ, ধৰ্মনিৰপেক্ষ দেশখনক পছন্দ কৰে ।”

“ইউনুছ কোনো নেতা নহয়, তেওঁৰ দেশ চলোৱাৰ কোনো অভিজ্ঞতা নাই”

শ্বেখ হাচিনাই আৰু কয় যে, “ইউনুছে চৰমপন্থীসকলক কেবিনেটৰ গুৰুত্বপূৰ্ণ পদত ৰাখিছে, আনহাতে দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত বহু গোটক ৰাজহুৱা জীৱনত ভূমিকা ল’বলৈ অনুমতি দিয়া হৈছে ।” ইউনুছ সন্দৰ্ভত তেওঁ কয়, “তেওঁ কোনো ৰাজনীতিবিদ নহয়, তেওঁৰ জটিল দেশ চলোৱাৰ কোনো অভিজ্ঞতাও নাই । মোৰ আশংকা যে উগ্ৰপন্থীয়ে তেওঁক আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত গ্ৰহণযোগ্য মুখ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰিছে, একে সময়তে আমাৰ প্ৰতিষ্ঠানসমূহক ভিতৰৰ পৰা পদ্ধতিগতভাৱে কট্টৰপন্থী কৰি তুলিছে ।”

এই পৰিস্থিতি কেৱল ভাৰতৰ বাবেই নহয়, দক্ষিণ এছিয়া অঞ্চলত স্থিতিশীলতাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা প্ৰতিখন দেশৰ বাবেও চিন্তাৰ বিষয় হ’ব লাগে বুলি ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় । বাংলাদেশৰ ৰাজনীতিৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আমাৰ অন্যতম ডাঙৰ শক্তি আছিল আৰু দুই এজন মূৰ্খ চৰমপন্থীৰ দ্বাৰা আমি ইয়াক ধ্বংস হ’বলৈ দিব নোৱাৰো বুলি কয় হাচিনাই ।

‘চিকেন নেক’ৰ ওপৰত দিয়া বক্তব্য দায়িত্বহীন-

ভাৰতৰ উত্তৰ-পূব ৰাজ্য আৰু “চিকেন নেক” সন্দৰ্ভত শ্বেখ হাচিনাই কয় যে, “এনে বক্তব্য অত্যন্ত বিপজ্জনক আৰু সম্পূৰ্ণ দায়িত্বহীন । ইয়াত ইউনুছৰ জৰিয়তে নিজৰ প্ৰভাৱ বিস্তাৰ কৰা উগ্ৰপন্থী উপাদানসমূহ প্ৰতিফলিত হৈছে । কোনো নেতাই এনে চুবুৰীয়া দেশক ভাবুকি নিদিয়ে, যাৰ ওপৰত বাংলাদেশ বাণিজ্য, ট্ৰেনজিট আৰু আঞ্চলিক স্থিতিশীলতাৰ বাবে নিৰ্ভৰশীল ।”

তেওঁ কয়, “এই বক্তব্যই কেৱল মতাদৰ্শগত কল্পনাৰ সেৱা কৰে, বাংলাদেশৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সেৱা নহয় । ভাৰতৰ এনে বক্তব্যক চিন্তাৰে চোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে । এনে কণ্ঠই বাংলাদেশী জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে, যিসকলে বুজি পায় যে তেওঁলোকৰ সমৃদ্ধি আৰু নিৰাপত্তা ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল । দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে আৰু এখন দায়িত্বশীল চৰকাৰ ঘূৰি আহিলেই এনে অসাৱধানতাপূৰ্ণ বাক্যবাণৰ অন্ত পৰিব ।”

‘হাদী হত্যাকাণ্ডই আইন-শৃংখলাৰ অৱনতি প্ৰতিফলিত কৰিছে’

যুৱ নেতা ওছমান হাদী হত্যাকাণ্ডৰ সন্দৰ্ভত শ্বেখ হাচিনাই কয়, “এই কৰুণ হত্যাকাণ্ডই মোৰ চৰকাৰক উৎখাত কৰা আইন-শৃংখলা ভংগৰ কথাও প্ৰতিফলিত কৰিছে আৰু ইউনুছৰ শাসনত অধিক ভয়াৱহ হৈ পৰিছে । হিংসা সাধাৰণ কথা হৈ পৰিছে, আনহাতে অন্তৱৰ্তীকালীন চৰকাৰে হয় স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে নহয় ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে । এনে ঘটনাই আভ্যন্তৰীণভাৱে বাংলাদেশক অস্থিৰ কৰি তোলে আৰু চুবুৰীয়া দেশৰ সৈতে থকা আমাৰ সম্পৰ্ককো ক্ষতিগ্ৰস্ত কৰে ।”

সংখ্যালঘুৰ বিৰুদ্ধে হোৱা হিংসাক লৈ হতাশা প্ৰকাশ কৰি শ্বেখ হাচিনাই কয়, “ভাৰত এই বিশৃংখলতা, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ আৰু আমি একেলগে গঢ়ি তোলা সকলো বস্তু ধ্বংস হোৱাৰ সাক্ষী হৈ আছে । যেতিয়া আপুনি নিজৰ সীমাৰ ভিতৰত মৌলিক শৃংখলা বজাই ৰাখিব নোৱাৰে, তেতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বাসযোগ্যতা হেৰুৱাই পেলায় । এয়াই হৈছে ইউনুছৰ বাংলাদেশৰ বাস্তৱতা ।”

‘ভাৰতে প্ৰকাশ কৰা উদ্বেগ ন্যায্য’

ইউনুছক আক্ৰমণ কৰি তেওঁ কয়, “ইউনুছৰ চৰকাৰে উৎসাহিত কৰা চৰমপন্থীয়ে এইবোৰ সৃষ্টি কৰিছিল । এইসকল সেই একেই লোক যিয়ে ভাৰতীয় দূতাবাসত বিক্ষোভ প্ৰদৰ্শন কৰি আমাৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল, যিয়ে নিৰ্ভয়ে সংখ্যালঘুসকলক আক্ৰমণ কৰিছিল আৰু যিসকলে মোৰ পৰিয়াল আৰু মোক আমাৰ পলায়ন কৰিবলৈ বাধ্য কৰাইছিল । ইউনুছে এনে ব্যক্তিক গুৰুত্বপূৰ্ণ আৰু শক্তিশালী পদত ৰাখি দোষী সাব্যস্ত হোৱা চৰমপন্থীক জেলৰ পৰা মুকলি কৰি দিছে ।”

তেওঁ আৰু কয়, “মই এই কথা কবলৈ দুখ পাইছো যে ভাৰতে নিজৰ কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি প্ৰকাশ কৰা উদ্বেগ ন্যায্য । এখন দায়িত্বশীল চৰকাৰে কূটনৈতিক মিছনক সুৰক্ষা দিব আৰু তেওঁলোকক ভাবুকি দিয়াসকলক গোচৰ চলাব । ইয়াৰ পৰিৱৰ্তে ইউনুছে দুৰ্বৃত্তক মুকলিকৈ ঘূৰিবলৈ অনুমতি দিছে আৰু তেওঁলোকক যোদ্ধা বুলি অভিহিত কৰিছে ।”

বাংলাদেশৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত শ্বেখ হাচিনাই কয়, “আৱামী লীগ অবিহনে নিৰ্বাচন নিৰ্বাচন নহয়, ৰাজ অভিষেক হ’ব । বৰ্তমান ইউনুছে বাংলাদেশৰ জনসাধাৰণৰ পৰা এটাও ভোট নোপোৱাকৈয়ে শাসন কৰি আছে আৰু এতিয়া তেওঁ ৰাইজে ৯ বাৰ নিৰ্বাচন কৰা দলটোক নিষিদ্ধ কৰিব বিচাৰিছে । বাস্তৱত বাংলাদেশীয়ে যদি নিজৰ প্ৰিয় দলক ভোট দিব নোৱাৰে তেন্তে তেওঁলোকে একেবাৰে ভোট নিদিয়ে । সেয়েহে, যদি আৱামি লীগৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত আছে, লাখ লাখ লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব ।”

লগতে পঢ়ক : সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে ঢাকাত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

‘যদি আপুনি জুইৰ সৈতে খেলে তেন্তে…’, মহম্মদ ইউনুছক সকীয়নি শ্বেখ হাচিনাৰ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেওবাৰে মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰক তীব্ৰ সমালোচনা কৰি বিদেশী শক্তিৰ সৈতে ষড়যন্ত্ৰ কৰি ক্ষমতাৰ পিয়াহ দূৰ কৰিবলৈ দেশখনক পতন ঘটোৱাৰ ষড়যন্ত্ৰ কৰা “স্বাৰ্থপৰায়ণ দখলকাৰী” বুলি অভিহিত কৰে । আঠ মিনিটৰ ভাৰ্চুৱেল ভাষণত তেওঁ প্ৰতিৰোধৰ মুখ হৈ পৰা ছাত্ৰ প্ৰতিবাদকাৰী আবু ছাইদক কোনে হত্যা কৰিলে সেই লৈও সন্দেহ প্ৰকাশ কৰে ।

যোৱা বছৰৰ আগষ্ট মাহত নিজৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰাত ভাৰতলৈ পলায়ন কৰা হাছিনাই কিছুদিন পূৰ্বে বাংলাদেশলৈ ঘূৰি যোৱাৰ ইংগিত দিছিল আৰু এই কাৰণেই আল্লাহে তেওঁক জীয়াই ৰাখিছে বুলি কৈছিল । দেওবাৰে সমৰ্থকসকলক সম্বোধন কৰি তেওঁ ইউনুছে বাংলাদেশৰ ইতিহাস বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামত আৱামী লীগৰ অৱদান মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ কয়, “বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সকলো চিহ্ন মচি পেলোৱা হৈছে । স্বাধীনতা সংগ্ৰামীক অপমান কৰা হৈছে । তেওঁলোকৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি সকলো জিলাতে স্মৃতিসৌধ নিৰ্মাণ কৰিছিলোঁ, কিন্তু সেইবোৰ জ্বলাই দিয়া হৈছে । ড° ইউনুছে ইয়াৰ ন্যায্যতা প্ৰদান কৰিব পাৰিবনে ?” তেওঁ মুখ্য উপদেষ্টাজনক সকীয়াই দিয়ে, “জুইৰ সৈতে খেলিলে ই আপোনাকো জ্বলাব ।”

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ওপৰত হাছিনাই কৰা আক্ৰমণ কঠোৰ আছিল আৰু কূটনৈতিকতাৰ পৰা বহু দূৰত আছিল । দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱাৰ সাত মাহৰ পাছত তেওঁ বাংলাদেশ ধ্বংস কৰিব বিচৰা বিদেশী ষড়যন্ত্ৰৰ দাবী পুনৰ দোহাৰে ।

তেওঁ কয়, “সেই ঋণী, ক্ষমতালোভী, ধনৰ লোভী, আত্মকেন্দ্ৰিক ব্যক্তিজনে বিদেশী ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু বিদেশৰ পৰা ধন ব্যৱহাৰ কৰি দেশ ধ্বংস কৰিছিল । বি এন পি (বাংলাদেশ নেচনেলিষ্ট পাৰ্টি) আৰু জামাত-ই-ইছলামীয়ে (ৰাজনৈতিক) হত্যা আৰু আৱামি লীগৰ নেতাক হাৰাশাস্তি কৰি আছে ।”

পূৰ্ব প্ৰধানমন্ত্ৰী বেগম খালিদা জীয়াৰ নেতৃত্বত থকা বি এন পি, আৱামী লীগৰ একমাত্ৰ প্ৰমুখ ৰাজনৈতিক বিৰল্প, যি শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ সক্ষম হৈছিল । যোৱা বছৰ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বি এন পিৰ ক্ষমতা পুনৰ লাভৰ চেষ্টাত এক উত্থান ঘটিছিল যদিও জিয়াৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে সেয়া হৈ উঠাৰ সম্ভাৱনা নাই ।

শ্বেখ হাছিনাই কয় যে, “আৱামি লীগৰ নেতাক উপদ্ৰৱকাৰীৰ মৃত্যুৰ বাবে অভিযুক্ত কৰা হৈছে । থানা জ্বলাই আৰক্ষীক প্ৰহাৰ কৰাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হোৱা নাই । আৱামি লীগৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । আমাৰ নেতাসকল ঘৰত থাকিব পৰা নাই, সকলো ধ্বংস হৈ গৈছে ।”

তেওঁ কয় যে মহম্মদ ইউনুছে ইয়াৰ পৰিণামৰ বিষয়ে ভালদৰেই জানিছিল যদিও ক্ষমতাৰ ক্ষুধাই তেওঁক পৰিচালিত কৰিছিল ।