আই পি এল ২০২৫ ত আকৌ এবাৰ আৰ চি বিৰ দলটোৱে জয়ৰ মুখ দেখিছে। আৰ চি বিয়ে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ঘৰুৱা মাটিত নিজৰ ধ্বজা উৰুৱাইছে।
বিৰাট কোহলী আৰু ফিলিপ ছল্টে দুৰ্দান্ত প্ৰদৰ্শনৰে ৯ উইকেটত জয় পঞ্জীয়ন কৰে৷অধিনায়ক পাটিদাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ৰাজস্থানৰ না স্পিনাৰ যাদু চলিল না পেচাৰসকলৰ কোনো কাম আহিল।
আৰ চি বিয়ে টছত জয়লাভ কৰি ৰাজস্থানক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। মেচখনত চেমচন এণ্ড কোম্পানীয়ে সুন্দৰ আৰম্ভণি কৰিছিল।যুৱ বেটছমেন যশস্বী জয়ছৱালকো বিস্ফোৰক ৰূপত দেখা গ’ল।
তেওঁ ২টা ছয় আৰু ১০টা চাৰিৰ সহায়ত ৪৭টা বলত ৭৫ ৰানৰ অগ্নিময় ইনিংছ খেলিছিল আৰু দলটোৰ স্ক’ৰ ১৭৪ লৈ বৃদ্ধি কৰে।
১৭৪ ৰানৰ উত্তৰত আৰ চি বিয়ে একপক্ষীয়ভাৱে জয়লাভ কৰে।ৰাজস্থানৰ মাত্ৰ এজন বলাৰহে এটা উইকেট ল’বলৈ সক্ষম হয়।ইমপেক্টৰ খেলুৱৈ কুমাৰ কাৰ্তিকেয়াই ফিলিপ ছল্টৰ ধুমুহাময় ইনিংছত ব্ৰেক লগাই।
আৰচিবিৰ এইটো চতুৰ্থটো জয়। বৰ্তমানলৈকে ৬ খনৰ ভিতৰত মাত্ৰ ২ খন মেচত হে পৰাস্ত হৈছে আৰ চি বি।একে সময়তে একেৰাহে দ্বিতীয়খন খেলত পৰাস্ত হৈছে ৰাজস্থানৰ দলটো।