দেওবাৰে অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ এখন মেচত গুজৰাট টাইটানছে (জি টি) ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে । এই জয়ৰ পিছত গুজৰাট টাইটানছে পইণ্ট টেবুলত ডাঙৰ জাঁপ দিছে । একে সময়তে পইণ্ট তালিকাৰ তলত আছে হায়দৰাবাদ দল ।
গুজৰাটে এই ছিজনত এতিয়ালৈকে ৪ খন মেচ খেলিছে । ইয়াৰে ৩খন মেচত জয়ী হৈছে দলটো । ৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে গুজৰাট । প্ৰথম নম্বৰত আছে দিল্লী কেপিটেলছ দল, যিয়ে ৩খন মেচৰ আটাইকেইখনতে জয়লাভ কৰিছে । একে সময়তে ছানৰাইজাৰ্ছ হায়দৰাবাদে এই ছিজনৰ আৰম্ভণি কৰিছিল এক বিস্ফোৰক জয়েৰে । কিন্তু তাৰ পিছত একেৰাহে চাৰিখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো । ২ পইণ্টেৰে একেবাৰে অন্তিম স্থানত আছে হায়দৰাবাদ ।
ছিৰাজৰ বিস্ফোৰক প্ৰদৰ্শন-
মহম্মদ ছিৰাজে এই মেচত শক্তিশালী বলিং কৰে । ৪ অভাৰত মাত্ৰ ১৭ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে মহম্মদ ছিৰাজে । অভিষেক শৰ্মা, ট্ৰেভিছ হেড, অনিকেত বাৰ্মা আৰু ছিমৰজীত সিঙক পেভিলিয়নলৈ পঠিয়াই হায়দৰাবাদৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ছিৰাজে ।
হায়দৰাবাদৰ ইনিংছ-
প্ৰথমে বেটিং কৰিবলৈ অহা হায়দৰাবাদৰ আৰম্ভণি আছিল অতি বেয়া । প্ৰথম অভাৰতে মহম্মদ চিৰাজে হায়দৰাবাদৰ শক্তিশালী বেটছমেন হিচাপে গণ্য কৰা ট্ৰেভিছ হেডক আউট কৰে । ৮ ৰান সংগ্ৰহ কৰি আউট হয় হেড । ইয়াৰ পিছত অভিষেক শৰ্মাও ৫ম অভাৰত আউট হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ১৮ ৰানহে আহে ।
বিস্ফোৰক বেটছমেন ঈশান কিষনৰ পৰা এটা ডাঙৰ ইনিংছ আশা কৰা হৈছিল যদিও তেওঁ মাত্ৰ ১৭ ৰান সংগ্ৰহ কৰি ৮ম অভাৰত আউট হয় । ইয়াৰ পিছত হেইনৰিখ ক্লাচেনে কিছু ভাল শ্বট খেলিলেও ১৪ অভাৰত উইকেট বিসৰ্জন দিয়ে । তাৰ পিছৰ অভাৰত নীতিশ ৰেড্ডীও পেভিলিয়নমুখী হয় । কিন্তু শেষত পেট কামিন্সে কিছু ভাল শ্বট খেলিছিল যাৰ বাবে হায়দৰাবাদ দলে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫২ ৰান কৰিবলৈ সক্ষম হয় ।
গুজৰাটৰ ইনিংছ-
গুজৰাটৰ ১৫৩ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত গুজৰাটৰ আৰম্ভণি ভাল নাছিল । তৃতীয় অভাৰতে দলটোৱে ছাই সুদৰ্শনৰ উইকেট হেৰুৱাব লগা হয় । ইয়াৰ পিছত বাটলাৰো তাৰ পিছৰ অভাৰত আউট হয় । কোনো ৰান নকৰাকৈ পেভিলিয়মুখী হয় বাটলাৰ । কিন্তু ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰ আৰু শুবমন গীলৰ মাজত এক শক্তিশালী অংশীদাৰিত্বৰ সৃষ্টি হয় । গীলে অপৰাজিত অৰ্ধ শতক অৰ্জন কৰাৰ বিপৰীতে সুন্দৰ ৪৯ ৰানত আউট হয় । ইয়াৰ পিছত ৰাদাৰফোৰ্ডেও কিছু বিস্ফোৰক শ্বট খেলে । লগে লগে গুজৰাটে ১৬.৪ নং অভাৰত বিজয় লক্ষ্যত উপনীত হয় ।