মহাকাশত নতুন ইতিহাস ৰচিব ভাৰতে...

মহাকাশত নতুন ইতিহাস ৰচিব ভাৰতে… শুভাংশু শুক্লাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাৰ তাৰিখ প্ৰকাশ

মহাকাশৰ ক্ষেত্ৰত ভাৰতে এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে । গ্ৰুপৰ কেপ্তেইন শুভাংশু শুক্লা এক্সিয়াম মিছন ৪ (এক্স-৪)ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হ’বলৈ গৈ আছে । এতিয়া এই অভিযানৰ উৎক্ষেপণৰ তাৰিখ প্ৰকাশ পাইছে, যিটো অভিযান নাছাৰ

মহাকাশৰ ক্ষেত্ৰত ভাৰতে এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে । গ্ৰুপৰ কেপ্তেইন শুভাংশু শুক্লা এক্সিয়াম মিছন ৪ (এক্স-৪)ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হ’বলৈ গৈ আছে । এতিয়া এই অভিযানৰ উৎক্ষেপণৰ তাৰিখ প্ৰকাশ পাইছে, যিটো অভিযান নাছাৰ ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব ।

বায়ুসেনাৰ পাইলট শুভাংশু-

ভাৰতীয় মহাকাশচাৰীজন গগণযান অভিযানৰো অংশ যিয়ে ২০২৫ চনৰ মে’ মাহত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশ কেন্দ্ৰলৈ ৰাওনা হ’ব । এই অভিযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণাত ভাৰতৰ অংশগ্ৰহণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ভাৰতীয় বায়ুসেনাৰ প্ৰবীণ পাইলট শুভাংশুৱে স্পেচএক্স ড্ৰেগন মহাকাশযানত মিছন পাইলট হিচাপে কাম কৰিব । তেওঁ ভাৰতৰ অভিলাষী গগণযান মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবেও মনোনীত মহাকাশচাৰী ।

নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছনে এই অভিযানৰ নেতৃত্ব দিব । এই এক্স-৪ অভিযানত পোলেণ্ডৰ শ্ব’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিব’ৰ কাপুক মিছন বিশেষজ্ঞ হ’ব । ১৪ দিনীয়া এই অভিযানৰ লক্ষ্য হৈছে মাইক্ৰ’গ্ৰেভিটিত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, শৈক্ষিক প্ৰসাৰ আৰু বাণিজ্যিক কাৰ্যকলাপ চলোৱা । শুভাংশুৱে বিভিন্ন অঞ্চলৰ শিল্পকৰ্ম কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰিছে আৰু মহাকাশত যোগ ভংগীমা প্ৰদৰ্শন কৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰিব ।

শেহতীয়া প্ৰৱন্ধসমূহ