ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আযোগৰ আয়ুক্ত আলোক কুমাৰে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
২ মে’ত প্ৰথম পৰ্যায়ৰ আৰু ৭ মে’ত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ১১ মে’ত ফলাফল ঘোষণা কৰা হ’ব।
প্ৰথম পৰ্যায়ত তিনিচুকিয়া , শিৱসাগৰ, ডিব্ৰুগড়, মাজুলি , ঘোৰহাট , গোলাঘাট, বিশ্বনাথ , ধেমাজি, কাছাৰ , হাইলাকান্দি, শ্ৰীভূমি জিলাকে ধৰি উজনি অসম আৰু বৰাকত অনুষ্ঠিত হ’ব।
আনহাতে দ্বিতীয় পৰ্যায়ত ধুবুৰী , বৰপেটা, নলবাৰী, দৰং , নগাওঁ, বজালী, কামৰূপ, কামৰূপ মেট্ৰো, হোজাইত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। এই পঞ্চায়ত নিৰ্বাচনত EVM ৰ পৰিৱৰ্তে বেলট পেপাৰৰ দ্বাৰা অনুষ্ঠিত হ’ব।পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈকে চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।