দক্ষিণ কোৰিয়াৰ দক্ষিণ অঞ্চলত সংঘটিত হোৱা বনজুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই বনজুইত এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে তিনিশৰো অধিক অট্টালিকা আৰু অন্যান্য গঠন ধ্বংস হৈছে । ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা বনজুইৰ বাবে ২৪ হাজাৰৰো অধিক লোকে নিৰাপদ ঠাই বিচাৰি ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছে । জানিব পৰা মতে মৃতসকলৰ ভিতৰত এজন পাইলটো আছে । জুই নিয়ন্ত্ৰণৰ প্ৰয়াসত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰ উপৰিও প্ৰচণ্ড বতাহৰ ফলত জুইৰ শিখা বৃদ্ধি পোৱাত জুইত আবদ্ধ হৈ চাৰিজন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ লগতে অন্য শ্ৰমিকৰ মৃত্যু হয় ।
জানিব পৰা মতে, জুই নিৰ্বাপন আৰু উদ্ধাৰৰ বাবে হাজাৰ হাজাৰ জোৱান আৰু হেলিকপ্টাৰ নিয়োগ কৰা হৈছে । কোৰিয়া বন সেৱাৰ মুৰব্বী লিম ছাং-ছেপে কয় যে বৃহস্পতিবাৰে কিছু পৰিমাণে বৰষুণৰ সম্ভাৱনা আছিল যদিও জুই নিৰ্বাপনৰ বাবে সেয়া যথেষ্ট নহয় ।
চৰকাৰী দুৰ্যোগ সঁহাৰি কেন্দ্ৰই জনোৱা মতে, বনজুইৰ ফলত দক্ষিণ-পূবৰ ৩৫,৮১০ হেক্টৰ (৮৮,৪৮৮ একৰ) ভূমি জ্বলি গৈছে । এতিয়ালৈকে দেশৰ ভিতৰতে এইটোৱেই আটাইতকৈ ডাঙৰ বনজুই বুলি অনুমান কৰা হৈছে । এই ঘটনাত আহত হৈছে ৩০ জন লোক । জুই নিয়ন্ত্ৰণৰ বাবে ৯ হাজাৰৰো অধিক লোক আৰু প্ৰায় ১২০খন হেলিকপ্টাৰ সংগঠিত কৰা হৈছে ।
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হান ডাক-ছুৱে কয় যে ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে । এনে লোকচান আমি আগতে কেতিয়াও দেখা নাই । আমি আমাৰ সকলো সামৰ্থ্য জুই নিৰ্বাপনৰ ওপৰত কেন্দ্ৰিত কৰিছো । কোৰিয়া বন সেৱাই বৃদ্ধি কৰিছে অগ্নিকাণ্ডৰ সতৰ্কবাণী । স্থানীয় চৰকাৰসমূহক জৰুৰীকালীন সঁহাৰিৰ বাবে অধিক শ্ৰমিক নিয়োগ কৰিবলৈ কোৱা হৈছে, বনাঞ্চল আৰু উদ্যানসমূহত প্ৰৱেশৰ নিষেধাজ্ঞা কঠোৰ কৰিবলৈ কোৱা হৈছে, আৰু সামৰিক ইউনিটসমূহক লাইভ ফায়াৰ অনুশীলন বন্ধ কৰাৰ পৰামৰ্শ দিয়া হৈছে ।
বুধবাৰে নিশা প্ৰচণ্ড বতাহৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত দক্ষিণ-পূব আন্দোঙৰ দুখন গাঁও খালী কৰাৰ নিৰ্দেশ দিয়ে কৰ্তৃপক্ষই । প্ৰথমে অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে । কিন্তু বতাহৰ বাবে পুনৰ জুই জ্বলি উঠিল । বিষয়াসকলে জনোৱা মতে, অগ্নিকাণ্ডত ঘৰ-দুৱাৰ, কাৰখানা, বাহন আৰু কিছুমান ঐতিহাসিক অট্টালিকা ধ্বংস হয় । উইছংৰ গৌনছা মন্দিৰ কমপ্লেক্সৰ ৩০টা অট্টালিকাৰ ভিতৰত প্ৰায় ২০টা অট্টালিকা জ্বলি গৈছে । এইবোৰ আছিল সপ্তম শতিকাৰ অট্টালিকা ।