কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান...

কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান… কলকাতাত বৰষুণৰ সম্ভাৱনা

আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ মাত্ৰ কিছু ক্ষণ বাকী । শনিবাৰে এই প্ৰতিযোগিতাৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী

আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ মাত্ৰ কিছু ক্ষণ বাকী । শনিবাৰে এই প্ৰতিযোগিতাৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী মেচ । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । অৱশ্যে খেলখনৰ পূৰ্বে এক মুকলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব য’ত বলীউডৰ একাংশ তাৰকাই গীত-নৃত্য প্ৰদৰ্শন কৰিব ।

মেচখনত বৰষুণৰ সম্ভাৱনা-

ক্ৰিকেট এছ’চিয়েশ্যন অৱ বংগৰ সভাপতি স্নেহাশীষ গাংগুলীয়ে কয় যে মেচ আৰম্ভ হোৱাৰ পূৰ্বে ৩৫ মিনিটৰ বাবে মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব । টছৰ পূৰ্বেই কাৰ্যসূচী আৰম্ভ হ’ব । খেলৰ সময়ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে মুকলি অনুষ্ঠান বা খেলখনত কোনো ধৰণৰ ব্যাঘাত জন্মিব নেকি সেয়া লক্ষণীয় হ’ব । গাংগুলীয়ে কয়, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আমাক মুকলি অনুষ্ঠানৰ বাবে ৩৫ মিনিট সময় দিছে । এই সময়ছোৱাত আমি সমগ্ৰ কাৰ্যসূচীটো আয়োজন কৰিব লাগিব, যিদৰে প্ৰতি বছৰে হয় ।

খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন ৰাহানে-

এইবাৰ কে কে আৰৰ অধিনায়ক হ’ব অজিংক্য ৰাহানে, আনহাতে আৰ চি বিৰ নেতৃত্বত থাকিব ৰজত পাটিদাৰ । যোৱা ছিজনত কে কে আৰে ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ৰাহানেই খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিপৰীতে পাটিদাৰে যিটো কাম তেওঁৰ পূৰ্বৰ কোনো আৰ চি বিৰ অধিনায়কে কৰিব পৰা নাছিল, সেই কাম কৰাৰ সুযোগ আছে ।

বেংগালুৰু দলটোৱে কেতিয়াও আই পি এলত জয়ী হোৱা নাই আৰু পাটিদাৰে ফ্ৰেঞ্চাইজিক প্ৰথম খিতাপ দিয়াৰ সুযোগ পাব । কে কে আৰ আৰু আৰ চি বিৰ মাজত এই মেচখন সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু তাৰ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ সন্ধিয়া ৭.০০ বজাত টছ অনুষ্ঠিত হ’ব ।

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ সৈতে জড়িত সকলো তথ্য জানক…

কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ?

২২ মাৰ্চ শনিবাৰে সন্ধিয়া ৬.০০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ।

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ?

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ।

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ টিকট ক’ত উপলব্ধ হ’ব ?

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ সুকীয়াকৈ টিকট ক্ৰয় কৰিব নালাগে । যিসকলৰ হাতত কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৫ৰ প্ৰথমখন খেলৰ টিকট আছে তেওঁলোকে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব ।

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানত কোনে কোনে অংশগ্ৰহণ কৰিব ?

বলীউডৰ বিখ্যাত কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, পাঞ্জাবী কণ্ঠশিল্পী কৰণ আউজলা, আৰু বলীউডৰ অভিনেত্ৰী দিশা পাটানিয়ে অংশগ্ৰহণ কৰিব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানত ।

কোনটো টিভি চেনেলত আমি আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান চাব পাৰিব ?

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ষ্টাৰ স্প’ৰ্টছ চেনেলত চাব পাৰিব ।

শেহতীয়া প্ৰৱন্ধসমূহ