পাকিস্তানৰ কোৱেটাত দেওবাৰে নিশা (১৬ মাৰ্চ) ইছলামী পণ্ডিত আৰু জমিয়ত উলেমা-ই-ইছলামৰ নেতা মুফতি আব্দুল বাকী নুৰজইক আক্ৰমণ কৰা হয়।
কোৱেটা বিমানবন্দৰত কোনো অচিনাকি দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰে। তাৰ পিছত আব্দুল বাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।
প্ৰখ্যাত পাকিস্তানী সাংবাদিক আৰজু কাজমীয়ে দাবী কৰিছে যে কোৱেটা বিমানবন্দৰত হোৱা আক্ৰমণত মুফতি আব্দুল বাকী নুৰজই নিহত হৈছিল।
তেওঁ কৈছে যে “বিমানবন্দৰত, কিছুমান সশস্ত্ৰ লোকে মুফতি আব্দুল বাকীৰ ওপৰত নিৰ্বিচাৰ ভাৱে গুলী চালনা কৰিছিল, যাৰ ফলত তেওঁ নিহত হৈছিল”।
অৱশ্যে এতিয়ালৈকে, এই ঘটনাসন্দৰ্ভত আৰক্ষীৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। এটা স্থানীয় টিভি চেনেলে জনাইছে যে মুফতি আব্দুল বাকীক দেওবাৰে নিশা কোৱেটাৰ এয়াৰপৰ্ট ৰোডত আক্ৰমণ কৰা হৈছিল।
অচিনাক্ত আক্ৰমণকাৰীসকলে তেওঁৰ ওপৰত গুলী চালনা কৰে আৰু পলাই যায়, যাৰ পিছত তেওঁক ততাতৈয়াকৈ কটকটীয়া নিৰাপত্তাৰ অধীনত এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।
আবু কাতালক লস্কৰ-ই-তৈবাৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে গণ্য কৰা হৈছিল। হাফিজে তেওঁক লস্কৰৰ অপাৰেশ্যনেল কমাণ্ডাৰ আছিল। তেওঁ সন্ত্ৰাসবাদী নিয়োগ আৰু সীমান্তপাৰ অনুপ্ৰৱেশৰ সুবিধাৰ বাবে দায়বদ্ধ আছিল।
ৰাজৌৰী আৰু ৰিয়াচীত বাছ আক্ৰমণৰ আঁৰৰ মূল সূত্ৰধাৰ আছিল আবু কাটাল। এনআইএয়ে ৰাজৌৰী আক্ৰমণত তেওঁৰ বিৰুদ্ধে অভিযোগপত্ৰও দাখিল কৰিছিল। তেওঁ দীৰ্ঘদিন ধৰি ভাৰতীয় সুৰক্ষা সংস্থাসমূহৰ লক্ষ্য আছিল।