বি এল এৰ সকলো যোদ্ধা নিহত হোৱাৰ দাবী পাকিস্তানৰ...

‘বি এল এৰ সকলো যোদ্ধা নিহত, পণবন্দীক উদ্ধাৰ অভিযান চলি আছে’…জাফৰ এক্সপ্ৰেছ হাইজেক সন্দৰ্ভত পাকিস্তানৰ দাবী

পাকিস্তানৰ বেলুচিস্তানত মঙলবাৰে (১১ মাৰ্চ, ২০২৫) বেলুচ লিবাৰেচন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰে । এটা পাকিস্তানী নিউজ চেনেলৰ মতে, পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৰে’লত থকা সকলো বি এল এ সদস্যক হত্যা কৰিছে । কোৱা হৈছে যে এতিয়া পণবন্দীসকলক উলিয়াই অনাৰ কাম চলি আছে । বিস্ফোৰণৰ পিছত

পাকিস্তানৰ বেলুচিস্তানত মঙলবাৰে (১১ মাৰ্চ, ২০২৫) বেলুচ লিবাৰেচন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰে । এটা পাকিস্তানী নিউজ চেনেলৰ মতে, পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৰে’লত থকা সকলো বি এল এ সদস্যক হত্যা কৰিছে । কোৱা হৈছে যে এতিয়া পণবন্দীসকলক উলিয়াই অনাৰ কাম চলি আছে ।

বিস্ফোৰণৰ পিছত পণবন্দী কৰি লৈছিল যাত্ৰীসকলক-

জাফৰ এক্সপ্ৰেছ ৰে’লখন কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা অৱস্থাত উগ্ৰপন্থীয়ে বিস্ফোৰক ব্যৱহাৰ কৰি ৰে’লখন লাইনচ্যুত কৰি নিজৰ দখললৈ লৈ যায় । ৰেলখনৰ ৯টা ডবাত প্ৰায় ৪৫০ জন যাত্ৰী আছিল । নিৰাপত্তা সূত্ৰৰ মতে, নিৰাপত্তা বাহিনীয়ে মহিলা আৰু শিশুকে ধৰি বহু সংখ্যক পণবন্দীক উদ্ধাৰ কৰিছে । উদ্ধাৰ হোৱা সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদীয়ে ।

সকলো সন্ত্ৰাসবাদী নিহত- পাকিস্তানৰ দাবী

এই ঘটনাত কিমানজন যাত্ৰীৰ মৃত্যু হৈছে সেয়া নিশ্চিত কৰা হৈছে । ঘটনাস্থলীত উপস্থিত থকা সকলো সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বি এল এৰ আত্মঘাতী বোমাৰুৱে তিনিটা ভিন্ন স্থানত মহিলা আৰু শিশুক পণবন্দী কৰি ৰাখিছিল । পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ঘটনাত ৭০ৰ পৰা ৮০জন সন্ত্ৰাসবাদী জড়িত আছিল । বেলুচিস্তানৰ কুৱেটা-পেছাৱাৰ যাত্ৰীবাহী ৰে’লত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে ৰাষ্ট্ৰসংঘই । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি সমালোচনা কৰে ।

যোৱা বছৰ প্ৰদেশখনৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনী, প্ৰতিষ্ঠান আৰু বিদেশীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিলেও বেলুচিস্তান প্ৰদেশত বি এল এ বা কোনো উগ্ৰপন্থী সংগঠনে প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰে’ল অপহৰণ কৰাৰ ঘটনা ঘটিছে । ডেৰ মাহতকৈ অধিক সময় স্থগিত ৰখাৰ পিছত পাকিস্তান ৰে’লৱেই কুৱেটাৰ পৰা পেছাৱৰলৈ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ