পাকিস্তানৰ বেলুচিস্তানত মঙলবাৰে (১১ মাৰ্চ, ২০২৫) বেলুচ লিবাৰেচন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰে । এটা পাকিস্তানী নিউজ চেনেলৰ মতে, পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৰে’লত থকা সকলো বি এল এ সদস্যক হত্যা কৰিছে । কোৱা হৈছে যে এতিয়া পণবন্দীসকলক উলিয়াই অনাৰ কাম চলি আছে ।
বিস্ফোৰণৰ পিছত পণবন্দী কৰি লৈছিল যাত্ৰীসকলক-
জাফৰ এক্সপ্ৰেছ ৰে’লখন কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা অৱস্থাত উগ্ৰপন্থীয়ে বিস্ফোৰক ব্যৱহাৰ কৰি ৰে’লখন লাইনচ্যুত কৰি নিজৰ দখললৈ লৈ যায় । ৰেলখনৰ ৯টা ডবাত প্ৰায় ৪৫০ জন যাত্ৰী আছিল । নিৰাপত্তা সূত্ৰৰ মতে, নিৰাপত্তা বাহিনীয়ে মহিলা আৰু শিশুকে ধৰি বহু সংখ্যক পণবন্দীক উদ্ধাৰ কৰিছে । উদ্ধাৰ হোৱা সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদীয়ে ।
সকলো সন্ত্ৰাসবাদী নিহত- পাকিস্তানৰ দাবী
এই ঘটনাত কিমানজন যাত্ৰীৰ মৃত্যু হৈছে সেয়া নিশ্চিত কৰা হৈছে । ঘটনাস্থলীত উপস্থিত থকা সকলো সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বি এল এৰ আত্মঘাতী বোমাৰুৱে তিনিটা ভিন্ন স্থানত মহিলা আৰু শিশুক পণবন্দী কৰি ৰাখিছিল । পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ঘটনাত ৭০ৰ পৰা ৮০জন সন্ত্ৰাসবাদী জড়িত আছিল । বেলুচিস্তানৰ কুৱেটা-পেছাৱাৰ যাত্ৰীবাহী ৰে’লত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে ৰাষ্ট্ৰসংঘই । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি সমালোচনা কৰে ।
যোৱা বছৰ প্ৰদেশখনৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনী, প্ৰতিষ্ঠান আৰু বিদেশীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিলেও বেলুচিস্তান প্ৰদেশত বি এল এ বা কোনো উগ্ৰপন্থী সংগঠনে প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰে’ল অপহৰণ কৰাৰ ঘটনা ঘটিছে । ডেৰ মাহতকৈ অধিক সময় স্থগিত ৰখাৰ পিছত পাকিস্তান ৰে’লৱেই কুৱেটাৰ পৰা পেছাৱৰলৈ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিছিল ।