পাকিস্তানে আয়োজন কৰা আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দল আৰু খেলুৱৈসকলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল । ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে । ইয়াৰ পিছত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১২ মাৰ্চ) খেলুৱৈৰ শেহতীয়া ৰেংকিং প্ৰকাশ কৰিছে ।
ভাৰতীয় দলৰ তাৰকা স্পীনাৰ কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাই আই চি চিৰ এদিনীয়া বলিং ৰেংকিঙত আলোড়নৰ সৃষ্টি কৰিছে । চেম্পিয়নছ ট্ৰফীত দুয়োজনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে তেওঁলোক লাভান্বিত হৈছে ।
Champions Trophy finalists receive big boost in the latest ICC Men's Player Rankings 👊
— ICC (@ICC) March 12, 2025
Read more ⬇️https://t.co/YM26ak85wm
বলিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত স্থান লাভ জাডেজাৰ-
কুলদীপ আৰু জাডেজাই ৩টাকৈ স্থান আগবাঢ়িছে । কুলদীপে তৃতীয় স্থান দখল কৰিছে । আনহাতে জাডেজাই শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰিছে । এতিয়া তেওঁ ১০ নম্বৰত উপনীত হৈছে । শীৰ্ষ দহজন বলাৰৰ ভিতৰত আছে এই দুজন ভাৰতীয় । আনহাতে শ্ৰীলংকাৰ মহীশ তীক্ষ্ণনা শীৰ্ষত আছে ।
এতিয়াও শীৰ্ষস্থান দখল কৰি আছে শুভমন গীলে-
আনহাতে, এদিনীয়া বেটিং ৰেংকিঙত শীৰ্ষত আছে ভাৰতীয় অ’পেনাৰ শুভমন গীল । দ্বিতীয় স্থানত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম । অৱশ্যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দুটা স্থান আগবাঢ়িছে । তেওঁ এতিয়া তৃতীয় স্থানত উপনীত হৈছে ।
আনহাতে বিৰাট কোহলীয়ে এটা স্থান অৱনমিত হৈছে । এতিয়া তেওঁ পঞ্চন স্থান লাভ কৰিছে । এদিনীয়া বেটিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত আছে মাত্ৰ চাৰিজন ভাৰতীয় । গীল, কোহলী আৰু ৰোহিতৰ বাহিৰেও চতুৰ্থ ভাৰতীয় খেলুৱৈ হৈছে অষ্টম স্থানত থকা শ্ৰেয়াছ আয়াৰ ।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী নিউজীলেণ্ডৰ ৰচিন ৰবিন্দ্ৰই চতুৰ্দশ স্থান লাভ কৰিছে । এতিয়া তেওঁ এদিনীয়া বেটিং ৰেংকিঙত ১৪ নম্বৰ স্থান দখল কৰিছে । ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱা কিৱি দলৰ ডেৰিল মিচেল শীৰ্ষ দহৰ ভিতৰত থকা একমাত্ৰ বেটছমেন । এটা পজিচন জপিয়াই ষষ্ঠ স্থানত উপনীত হৈছে তেওঁ ।