ৰোহিত শৰ্মাৰ নেতৃত্বত ২০২৩ চনৰ পৰা ভাৰতীয় দলটোৱে আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰি আহিছে । ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতে মুঠ ২৪খন মেচ খেলিছে, ইয়াৰে ২৩খন খেলত জয়ী হৈছে ভাৰত । ভাৰতীয় দলটোৱে আই চি চিৰ বিগত তিনিখন সীমিত অভাৰৰ প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’লেও তাৰ পিছত একেৰাহে দুটা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলে ।
শেহতীয়াকৈ ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে । এয়া ভাৰতৰ সপ্তমটো আই চি চি ট্ৰফী । ইয়াৰ পূৰ্বে দলটোৱে ১৯৮৩ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ২০০৭ আৰু ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০০২, ২০১৩ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল । এই সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰত অপৰাজিত হৈ থাকে । একেৰাহে পাঁচখন মেচত জয়লাভ কৰি ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে ।
অপৰাজিত হৈ থাকি দুয়োটা খিতাপ জয় কৰে-
শেহতীয়াকৈ আই চি চি প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে যিদৰে প্ৰদৰ্শন কৰিছে, সেইদৰে ই আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰা কেইটামান দলৰ ভিতৰত অন্যতম হৈ পৰিছে । ভাৰতৰ এই বিজয়ৰ কাহিনী আৰম্ভ হয় ২০২৩ চনৰ অক্টোবৰ মাহত যেতিয়া দলটোৱে ঘৰুৱা খেলপথাৰত এদিনীয়া বিশ্বকাপত অংশ লয় । এদিনীয়া বিশ্বকাপৰ খেলখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল আৰু ১০টা দলেই এবাৰ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল । গ্ৰুপ পৰ্যায়ৰ ৯খন খেলৰ আটাইকেইখন খেলত জয়লাভ কৰি তাৰ পাছত ছেমি ফাইনেলত জয়লাভ কৰি দলটো একেৰাহে ১০ খন মেচত জয়ৰ দিশে আগুৱাই যায় আৰু ফাইনেলত প্ৰৱেশ কৰে । কিন্তু খিতাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ লগতে বিজয়ী অভিযান স্তব্ধ হৈ পৰে ভাৰতৰ ।
এই পৰাজয়ৰ বাবে ভাৰত বহু ক্ষতিগ্ৰস্ত হৈছিল কাৰণ দলটোৱে ২০১১ চনৰ পিছত পুনৰবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ অতি ওচৰ চাপিছিল । ইয়াৰ সাত মাহৰ পাছত ২০২৪ চনৰ জুন মাহত ভাৰতে ৰোহিতৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজলৈ যায় । তাতো ভাৰতৰ প্ৰদৰ্শন এদিনীয়া বিশ্বকাপৰ দৰেই উৎকৃষ্ট আছিল আৰু দলটো অপৰাজিত হৈ থাকি জয়ী হৈছিল । এইদৰে ভাৰতে খিতাপৰ খৰাং শেষ কৰিলে । ইয়াৰ পিছত দলটোৱে চেম্পিয়নছ ট্ৰফীতো এই গতি বজাই ৰাখি প্ৰায় আঠ মাহৰ ভিতৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে আই চি চি খিতাপ দখল কৰে ।