ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মহাকাশত আবদ্ধ হৈ পৰাৰ পিছতো ইতিহাস ৰচনা অব্যাহত ৰাখিছে । বিগত জুন মাহৰ পৰা সুনীতা উইলিয়ামছ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে । এই সময়ছোৱাত তেওঁ ৯০০ ঘণ্টাৰো অধিক গৱেষণামূলক কাম কৰিছে আৰু বহুতো আচৰিত পৰীক্ষাত অংশগ্ৰহণ কৰিছে ।
৬২ ঘণ্টাৰ স্পেচ ৱাক আৰু কমাণ্ডাৰ হোৱাৰ কৃতিত্ব-
এই পৰ্যন্ত ৬০০ দিনতকৈ অধিক মহাকাশত কটোৱা ৫৯ বছৰীয়া সুনীতা উইলিয়ামছে ৬২ ঘণ্টা ৯ মিনিট স্পেচ ৱাক কৰিছে, যিটো কোনো মহিলা মহাকাশচাৰীয়ে কৰা আটাইতকৈ দীঘলীয়া সময় । ১৬ আৰু ৩০ জানুৱাৰীত তেওঁ দুটা গুৰুত্বপূৰ্ণ স্পেচ ৱাক কৰিছিল, এটা ৫ ঘণ্টা ২৬ মিনিট আৰু আনটো ৬ ঘণ্টা । কেৱল এয়াই নহয়, তেওঁৰ অভিযানৰ সময়ত তেওঁক আই এছ এছৰ কমাণ্ডাৰ হিচাপেও নিযুক্তি দিয়া হৈছিল, যিটো যিকোনো মহাকাশচাৰীৰ বাবে এক বৃহৎ দায়িত্ব । যোৱা ২৫ বছৰ ধৰি অবিৰতভাৱে সক্ৰিয় হৈ থকা আই এছ এছক মানৱ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল অভিযান্ত্ৰিক প্ৰকল্প হিচাপে গণ্য কৰা হয় ।
৮ দিনীয়া মিছন মাহলৈকে বৃদ্ধি-
সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰী বুশ্ব উইলমৰে ২০২৩ চনৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত উৰা মাৰি পিছদিনা আই এছ এ এছত উপস্থিত হয় । এই অভিযান মাত্ৰ আঠ দিনহে চলিব লাগিছিল যদিও কাৰিকৰী ত্ৰুটি, মহাকাশৰ ধ্বংসাৱশেষ আৰু হিলিয়াম লিক হোৱাৰ বাবে ইয়াক কেইবামাহোলৈ বৃদ্ধি কৰা হয় । অৱশ্যে কিছু সপ্তাহৰ পাছত সুনীতা উইলিয়ামছ পৃথিৱীলৈ ঘূৰি আহিব পাৰে বুলি নাছাই ইংগিত দিছে ।
মহাকাশত কি কৰি আছে সুনীতা উইলিয়ামছে ?
১/ মহাকাশযানৰ পাইলট আৰু পৰীক্ষণ
তেওঁ আই এছ এছলৈ যোৱাৰ পথত নিৰ্মাণত অৰিহণা যোগোৱা বয়িং ষ্টাৰলাইনাৰ বিমানখন পাইলট হৈছিল । মহাকাশ কেপচুল পৰীক্ষা কৰা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হয় তেওঁ ।
২/ আই এছ এছৰ পৰিষ্কাৰ আৰু মেৰামতি
তেওঁ আৰু তেওঁৰ সহযোগীসকলে আই এছ এছত পুৰণি সঁজুলি সলনি কৰিছিল, ৰক্ষণাবেক্ষণ কৰিছিল আৰু বহু আৱৰ্জনা পৃথিৱীলৈ ঘূৰাই পঠিয়াইছিল ।
৩/ ৯০০ ঘণ্টাৰো অধিক বৈজ্ঞানিক গৱেষণা
নাছাৰ তথ্য অনুসৰি সুনীতা উইলিয়ামছ আৰু তেওঁৰ দলটোৱে ১৫০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষাৰ ওপৰত ৯০০ ঘণ্টাৰো অধিক গৱেষণা কৰিছিল ।
৪/ মহাকাশত ওজন প্ৰশিক্ষণ আৰু ফিটনেছ পৰীক্ষা
আই এছ এছত শূন্য মাধ্যাকৰ্ষণে শৰীৰৰ ক্ষতিসাধন কৰে, গতিকে তেওঁ ওজন প্ৰশিক্ষণ আৰু শাৰীৰিক ব্যায়াম কৰিছিল । যদিও এই সময়ছোৱাত তেওঁৰ ওজন কমি যোৱাৰ কিছু উৰাবাতৰি ওলাইছিল, কিন্তু তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁৰ ওজন আই এছ এছ পোৱাৰ সময়ৰ দৰেই হৈ আছে ।
৫/ মহাকাশত খেতি / বাগিচা
মহাকাশত চালাড পাতত পানী দিছিল আৰু ইয়াৰ বৃদ্ধিৰ বিষয়ে অধ্যয়ন কৰিছিল । এই পৰীক্ষাই ভৱিষ্যতে মহাকাশ ভ্ৰমণৰ সময়ত উদ্ভিদৰ পৰা সতেজ আৰু পুষ্টিকৰ খাদ্য লাভ কৰাত সহায় কৰিব ।
৬/ পানী পুনৰুদ্ধাৰ ব্যৱস্থাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰা
মহাকাশত পানী কেনেকৈ বিশুদ্ধ কৰি পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ অনুসন্ধানৰ বাবে তেওঁলোকে পেকড বেড ৰিয়েক্টৰ এক্সপেৰিমেণ্ট: ৱাটাৰ ৰিকাভাৰী ছিৰিজ (পিবিআৰই-ডব্লিউআৰএছ) চলাইছিল ।
৭/ বেক্টেৰিয়াৰ ওপৰত গৱেষণা
তেওঁলোকে বেক্টেৰিয়া আৰু ইষ্টৰ ওপৰত পৰীক্ষা চলাইছিল, যিয়ে শূন্য মাধ্যাকৰ্ষণ শক্তিত অণুজীৱৰ বৃদ্ধি আৰু কাম কেনেকৈ কৰে সেই কথা বুজিবলৈ সহায় কৰিব । এই গৱেষণাই ভৱিষ্যতে মহাকাশত খাদ্য, ঔষধ আৰু অন্যান্য সামগ্ৰী সৃষ্টি কৰাত সহায় কৰিব ।
৮/ মহাকাশৰ পৰা উৎসৱ আৰু ক্ৰীড়াৰ শুভেচ্ছা
এই সময়ত সুনীতা উইলিয়ামছে মহাকাশৰ পৰা দীপাৱলী, বৰদিন আৰু নৱবৰ্ষৰ শুভেচ্ছা প্ৰেৰণ কৰে । লগতে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ খেলুৱৈসকলক শুভেচ্ছা জনায় ।