দেওবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল মেচ । ৯ মাৰ্চ (দেওবাৰ) ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি এই খেলখন দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব । ছেমি ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল । ইফালে নিউজীলেণ্ডে দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি খিতাপ মেচত স্থান লাভ কৰে ।
চেম্পিয়ন দলৰ ওপৰত হ’ব টকাৰ বৰষুণ-
এইবাৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত জয়ী হোৱা দলটো নিশ্চিতভাৱে টকাৰ বৰষুণ হ’ব । তদুপৰি পৰাস্ত হোৱা দলটোৱেও লাভ কৰিব বৃহৎ পৰিমাণৰ ধন । ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এই প্ৰতিযোগিতাৰ পুৰস্কাৰৰ ধন ঘোষণা কৰিছে । চেম্পিয়নছ ট্ৰফী জয় কৰা দলটোৱে লাভ কৰিব প্ৰায় ১৯.৪৮ কোটি টকা (২.২৪ মিলিয়ন ডলাৰ) । ফাইনেলত পৰাস্ত হোৱা দল অৰ্থাৎ ৰানাৰ্ছ আপে প্ৰায় ৯.৭৪ কোটি টকা (১.১২ মিলিয়ন ডলাৰ) লাভ কৰিব ।
ইয়াৰ উপৰিও ছেমি ফাইনেলত পৰাস্ত হোৱা দলসমূহক প্ৰায় ৪.৮৭ কোটি টকা (৫,৬০,০০০ মাৰ্কিন ডলাৰ) সমান ধন দিয়া হ’ব । অৰ্থাৎ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দলেও লাভ কৰিব ধন । গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱা দলসমূহেও লাভ কৰিছে পুৰস্কাৰৰ ধন । পঞ্চম আৰু ষষ্ঠ স্থানত থকা দলে (আফগানিস্তান আৰু বাংলাদেশ) সমান পৰিমাণৰ ৩,৫০,০০০ ডলাৰ (প্ৰায় ৩.০৪ কোটি টকা) লাভ কৰে । আনহাতে সপ্তম আৰু অষ্টম স্থানত থকা দলটোৱে (পাকিস্তান আৰু ইংলেণ্ড) সমান পৰিমাণৰ ১,৪০,০০০ ডলাৰ (প্ৰায় ১.২২ কোটি টকা) লাভ কৰে ।
চেম্পিয়নছ ট্ৰফী ২০২৫ত প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ । গ্ৰুপ পৰ্যায়ত খেলখনত জয়ী হোৱাৰ বাবে এটা দলে লাভ কৰে ৩৪০০০ ডলাৰ (প্ৰায় ২৯.৬১ লাখ টকা)। ইয়াৰ বাহিৰেও আটাইকেইটা দলকে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ১,২৫,০০০ ডলাৰ (প্ৰায় ১.০৮ কোটি টকা) নিশ্চিত ধন দিয়া হৈছে । এই চেম্পিয়নছ ট্ৰফীত আই চি চিয়ে মুঠ ৬৯ লাখ ডলাৰ (প্ৰায় ৬০ কোটি টকা) পুৰস্কাৰ ধন বিতৰণ কৰিছে । যিটো ২০১৭ চনৰ তুলনাত ৫৩ শতাংশ বেছি ।
চেম্পিয়নছ ট্ৰফী পুৰস্কাৰৰ ধন: (USD ডলাৰ)
বিজয়ী দল: ২.২৪ মিলিয়ন ডলাৰ (১৯.৪৮ কোটি টকা)
ৰানাৰ্ছ আপ : ১২.৪ মিলিয়ন ডলাৰ (৯.৭৪ কোটি টকা)
ছেমি ফাইনেলিষ্ট (অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা): ৫,৬০,০০০ ডলাৰ (৪.৮৭ কোটি টকা)
পঞ্চম-ষষ্ঠ স্থানৰ দল (আফগানিস্তান আৰু বাংলাদেশ): ৩,৫০,০০০ ডলাৰ (৩.০৪ কোটি টকা)
৭ম-৮ম স্থানৰ দল (পাকিস্তান আৰু ইংলেণ্ড): ১,৪০,০০০ ডলাৰ (১.২২ কোটি টকা)
গ্ৰুপ পৰ্যায়ত বিজয়ী: ৩৪,০০০ ডলাৰ (২৯.৬১ লাখ টকা)
নিশ্চয়তাৰ ধনঃ ১,২৫,০০০ ডলাৰ (১.০৮ কোটি টকা)