দিছপুৰ থানাত মহবুবুল হক; মহানগৰ আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই কৰিব জেৰা

সময় যোৱাৰ লগে লগে যেন এতিয়া বিপদ বাঢ়িছে USTMৰ আচাৰ্য মহবুবুল হকৰ।এইবাৰ শ্ৰীভুমি কাৰাগাৰৰ পৰা দিছপুৰ থানালৈ অনা হ’ল মহবুবুল হকক। USTMৰ আচাৰ্য মহবুবুল হকক ২১ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল শ্ৰীভুমি থানাই। মহবুবুল হকৰ সৈতে দিছপুৰ থানালৈ অনা হৈছে এজন শিক্ষক। শিক্ষক গৰাকীৰ নাম নুমান আহমেদ। দিছপুৰ

সময় যোৱাৰ লগে লগে যেন এতিয়া বিপদ বাঢ়িছে USTMৰ আচাৰ্য মহবুবুল হকৰ।এইবাৰ শ্ৰীভুমি কাৰাগাৰৰ পৰা দিছপুৰ থানালৈ অনা হ’ল মহবুবুল হকক।

USTMৰ আচাৰ্য মহবুবুল হকক ২১ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল শ্ৰীভুমি থানাই। মহবুবুল হকৰ সৈতে দিছপুৰ থানালৈ অনা হৈছে এজন শিক্ষক।

শিক্ষক গৰাকীৰ নাম নুমান আহমেদ। দিছপুৰ থানাত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ জেৰা চলাব মহবুবুল হকক। ১১বজাত দিছপুৰ থানাত উপস্থিত হৈছে মেহবুবুল হক। একে গোচৰতে নুমান আহমেদক কৰা হৈছিল গ্ৰেপ্তাৰ।

আজি দিছপুৰ থানাত ৰাখি শীৰ্ষ আৰক্ষী বিষয়াই চলাব জেৰা। আৰক্ষীৰ এটা দল তদন্তৰ খাটিৰত USTMলৈ যোৱাৰো সম্ভাৱনা আছে। উল্লেখ্য যে টকাৰ বিনিময়ত শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মেহবুবুল হক।

শেহতীয়া প্ৰৱন্ধসমূহ