মহাকুম্ভৰ অন্তত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সংগমস্থলীত কৰিলে চাফাই;  অনাময় কৰ্মীৰ সৈতে আহাৰ গ্ৰহণ

মহাৰাত্ৰিৰ পৰ্বৰ পিছত বুধবাৰে অমৃত স্নানৰ পিছত প্ৰয়াগৰাজৰ মহাকুম্ভ ২০২৫ ৰ সমাপ্তি ঘটে। তাৰ পিছতেই আজি ২৭ তাৰিখে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে মহাকুম্ভৰ স্থান পৰিষ্কাৰ কৰিবৰ বাবে চাফাই কৰ্মীসকলৰ সৈতে হাতত ঝাড়ু তুলি লয়। বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সমগ্ৰ কুম্ভমেলাত পৰিষ্কাৰ

মহাৰাত্ৰিৰ পৰ্বৰ পিছত বুধবাৰে অমৃত স্নানৰ পিছত প্ৰয়াগৰাজৰ মহাকুম্ভ ২০২৫ ৰ সমাপ্তি ঘটে। তাৰ পিছতেই আজি ২৭ তাৰিখে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে মহাকুম্ভৰ স্থান পৰিষ্কাৰ কৰিবৰ বাবে চাফাই কৰ্মীসকলৰ সৈতে হাতত ঝাড়ু তুলি লয়।

বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সমগ্ৰ কুম্ভমেলাত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি তেওঁলোকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে অনাময় কৰ্মীসকলক সন্মানিত কৰে।

ইয়াৰ পিছত, মুখ্যমন্ত্ৰী যোগীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলৰ সৈতে পেণ্ডেলত অনাময় কৰ্মীসকলৰ সৈতে আহাৰ গ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে অনাময় কৰ্মীসকলে যিধৰণে সম্পূৰ্ণ উৎসাহেৰে যিদৰে কুম্ভক লেতেৰামুক্ত কৰাৰ বাবে কাম কৰিছে সেয়া যিমান প্ৰশংসাৰ কৰিলেও কম হ’ব।

অনাময় কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু সহযোগিতাৰ বাবে কুম্ভ মেলা সফলতাৰে সম্পূৰ্ণ হৈছিল।আৱৰ্জনা মুক্ত কৰিবৰ বাবে সকলো কৰ্মচাৰীয়ে দিন-ৰাতি কাম কৰিছিল।

দেশী আৰু বিদেশী দুয়োটা স্থানৰ পৰা অহা ভক্তসকলে কুম্ভ মেলাত পৰিষ্কাৰৰ ব্যৱস্থা দেখি অত্যন্ত আনন্দিত হৈছিল।

চাফাই কৰ্মীসকলক  মহাকুম্ভকত স্বচ্ছতাক লৈ অতুলনীয় যোগদান দিয়াৰ বাবে চাফাই কৰ্মীসকলক ১০ হাজাৰকৈ টকা অতিৰিক্ত বোনাচ দিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

শেহতীয়া প্ৰৱন্ধসমূহ