ডুবাইত টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ, টিম ইণ্ডিয়াৰ মূল একাদশত ডাঙৰ পৰিৱৰ্তন

ডুবাইত টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ, টিম ইণ্ডিয়াৰ মূল একাদশত ডাঙৰ পৰিৱৰ্তন

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ আজি (২০ ফেব্ৰুৱাৰী) প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে আছে । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই খেলখনত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে বাংলাদেশী দলৰ কমাণ্ডত আছে নাজমুল হুছেইন শান্তো । মেচখনত বাংলাদেশৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ আজি (২০ ফেব্ৰুৱাৰী) প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে আছে । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই খেলখনত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে বাংলাদেশী দলৰ কমাণ্ডত আছে নাজমুল হুছেইন শান্তো ।

মেচখনত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইফালে এই মেচখনত ভাৰতীয় দলৰ মূল একাদশত কেইটামান পৰিৱৰ্তন কৰা হৈছে । টিম ইণ্ডিয়াৰ মূল একাদশৰ পৰা বাহিৰ হৈছে অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । ৰবীন্দ্ৰ জাডেজা মূল একাদশলৈ ঘূৰি আহিছে । আনহাতে ঋষভ পন্ট আকৌ এবাৰ হতাশ হ’ব লগা হৈছে ।

একে সময়তে বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত একেৰাহে ১১টা টছত পৰাস্ত হৈছে ভাৰত । ২০১১ চনৰ মাৰ্চৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত ১১টা টছ পৰাস্ত হোৱা নেদাৰলেণ্ডৰ সৈতে এদিনীয়াত সৰ্বাধিক টছ হেৰুৱাৰ এই যৌথ অভিলেখ আছে ভাৰতৰ ।

খেলখনত ভাৰতৰ প্লেইং-১১ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, হৰ্ষিত ৰাণা ।

বাংলাদেশৰ মূল একাদশ-

তাঞ্জিদ হাছান, সৌম্য চৰকাৰ, নাজমুল হোছেইন শান্তো (অধিনায়ক), তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম (উইকেটকীপাৰ), জাকাৰ আলী, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, তাঞ্জিম হাছান, মুস্তাফিজুৰ ৰহমান ।

শেহতীয়া প্ৰৱন্ধসমূহ