বিশ্বকাপতকৈ কম নহয় চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ গুৰুত্ব । এই প্ৰতিযোগিতাখনক মিনি বিশ্বকাপ বুলিও কোৱা হয় । এইখন ক্ৰিকেট জগতৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী । ইয়াৰ অন্তিমখন মেচ তথা ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব ।
২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে । ইয়াত পাকিস্তান, ভাৰত, বাংলাদেশ, নিউজীলেণ্ড, আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দল অন্তৰ্ভুক্ত হৈছে । শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ এই প্ৰতিযোগিতাৰ অংশ নহয় । ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আটাইকেইটা দলকে দুটা গ্ৰুপত ভাগ কৰা হৈছে । এটা গ্ৰুপত আছে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু নিউজীলেণ্ড । আনহাতে আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দ্বিতীয়টো গ্ৰুপত আছে ।
২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব । বিয়লি ২ বজাত অনুষ্ঠিত হ’ব মেচসমূহৰ টছ । ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক চেনেলত টিভিত লাইভত চাব পাৰিব চেম্পিয়নছ ট্ৰফীৰ সকলো খেল । ইয়াৰ উপৰিও মেচসমূহৰ লাইভ ষ্ট্ৰীমিং হ’ব JioHotstar ত ।
২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানে আয়োজন কৰাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতে নিজৰ দলটো তালৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল । এনে পৰিস্থিতিত এতিয়া এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব । যদি টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে ডুবাইত খিতাপৰ মেচ অনুষ্ঠিত হ’ব ।
২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী-
১৯ ফেব্ৰুৱাৰী – পাকিস্তান বনাম নিউজীলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী
২০ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই
২১ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, নেচনেল ষ্টেডিয়াম, কৰাচী
২২ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ
২৩ ফেব্ৰুৱাৰী- পাকিস্তান বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই
২৪ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম নিউজীলেণ্ড, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি
২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি
২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ
২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি
২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ
১ মাৰ্চ – দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী
২ মাৰ্চ- নিউজীলেণ্ড বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই
ছেমি ফাইনেল আৰু ফাইনেল মেচ-
৪ মাৰ্চ – ছেমি ফাইনেল ১, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই
৫ মাৰ্চ – ছেমি ফাইনেল ২, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ
৯ মাৰ্চ – ফাইনেল – গাদ্দাফি ষ্টেডিয়াম, লাহোৰ (যদি টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে স্থান হ’ব ডুবাই)