আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী । এই প্ৰতিযোগিতাখন এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব । বুধবাৰৰ পৰা (১৯ ফেব্ৰুৱাৰী) চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’ব, আনহাতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল । এই আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাস ভাৰতীয় দলৰ বাবে যথেষ্ঠ ভাল ।
এইবাৰ চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব । এতিয়ালৈকে ভাৰতীয় দল আৰু অষ্ট্ৰেলিয়াই ২-২ বাৰ খিতাপ দখল কৰিছে । ২০০২ চনত শ্ৰীলংকাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণত ভাৰতীয় দল আৰু শ্ৰীলংকাই যৌথভাৱে জয়লাভ কৰিছিল । আনহাতে ২০১৩ চনৰ ছিজনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে খিতাপ দখল কৰিছিল ।
২০১৩ চনৰ পিছত ২০১৭ চনত ইংলেণ্ডত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হৈছিল । এই সংস্কৰণত প্ৰথমবাৰৰ বাবে পাকিস্তান জয়ী হয় । ইয়াৰ পিছত ২০২১ চনত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব লাগিছিল যদিও ক’ৰনাৰ বাবে স্থগিত ৰখা হয় । এতিয়া প্ৰায় ৮ বছৰৰ পিছত পুনৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।
এই ৫ টা দলে পৰাস্ত কৰিব পৰা নাই ভাৰতীয় দলক-
চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ অভিলেখ অতি উত্তম । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ২৯খন মেচ খেলিছে, ইয়াৰে ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে । ৮ খন মেচত পৰাস্ত হৈছে আৰু ৩ খন নিৰ্ণায়ক নাছিল । চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক মেচত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটো শীৰ্ষত আছে ।
প্ৰতিযোগিতাখনৰ ইতিহাসত অন্য দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিলেখ যদি চাওঁ তেন্তে ইও উৎকৃষ্ট । চেম্পিয়নছ ট্ৰফীত ৫টা দলে এতিয়ালৈকে টিম ইণ্ডিয়াক পৰাস্ত কৰিব পৰা নাই । এই পাঁচটা দল হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, বাংলাদেশ, জিম্বাবুৱে আৰু কেনিয়া ।
ভাৰত আৰু পাকিস্তানৰ মাজত এনে অভিলেখ-
এই সকলোবোৰৰ মাজতে এটা দল আছে যিটো ভাৰতীয় দলে এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত পৰাস্ত কৰিব পৰা নাই । এই একমাত্ৰ দলটো হৈছে নিউজীলেণ্ড । চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত মাত্ৰ এখন মেচহে হৈছে, য’ত কিৱি দলে জয়লাভ কৰিছে ।
এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তানৰ মাজত মুঠ ৫ খন মেচ অনুষ্ঠিত হৈছে । ইয়াত টিম ইণ্ডিয়াই দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে তিনিখন খেলত সফল হৈছে ।