বন্ধুৰ পাৰ্টী খাবলৈ যোৱাই কাল হ’ল দুই বন্ধুৰ; ঘৰলৈ উভতাৰ পথতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দা

ধুবুৰীৰ গোলকগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৬ চকীয়া আল্ট্ৰা ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক। বন্ধুৰ জন্ম দিনৰ পাৰ্টি খাবলৈ গৈছিল মৃদুল ভকত আৰু ৰাহুল ৰায় । জন্মদিনৰ পাৰ্টী খাই ঘৰলৈ উভতি আহি থাকোতে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নান্দনীপাৰত AS28 A C

ধুবুৰীৰ গোলকগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৬ চকীয়া আল্ট্ৰা ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক।

বন্ধুৰ জন্ম দিনৰ পাৰ্টি খাবলৈ গৈছিল মৃদুল ভকত আৰু ৰাহুল ৰায় । জন্মদিনৰ পাৰ্টী খাই ঘৰলৈ উভতি আহি থাকোতে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নান্দনীপাৰত AS28 A C 0889 নম্বৰৰ এখন ট্ৰাকে তীব্ৰ বেগত খুন্দা মাৰে ছুপাৰ স্পেলেণ্ডাৰ বাইকখনত।

ফলত  গুৰুতৰভাৱে আহত হয় দুই বন্ধু। আহত দুয়োজনকেই ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে আল্ট্ৰা ট্ৰাক খনৰ গতি ইমানেই বেছি আছিল যে বাইকখনত খুন্দা মৰাৰ পিছত ঘাইপথৰ পৰা প্ৰায় ৫০ মিটাৰ দুৰত উফৰি গৈ ধাননি পথাৰত পৰে।দুৰ্ঘটনাটো সংঘটিত কৰি  ট্ৰাক চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ