দীৰ্ঘদিন ধৰি মহাকাশত আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলম’ৰৰ বিষয়ে এটা ভাল খবৰ আহিছে । তেওঁলোকক নিৰাপদে পৃথিৱীলৈ অনাৰ প্ৰস্তুতিত ব্যস্ত নাছা । যাৰ তাৰিখো প্ৰকাশ কৰা হৈছে । বিগত জুন মাহৰ পৰা মহাকাশত আছে সুনীতা আৰু বুশ্ব উইলম’ৰ । যাৰ উভতি অহাৰ তাৰিখ অহৰহ পিছুৱাই থকা হৈছে ।
ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি মহাকাশ সংস্থাটোৱে ১৯ মাৰ্চত তেওঁলোকক পুনৰ পৃথিৱীলৈ অনাৰ কথা চিন্তা কৰিছে । তথ্য অনুসৰি পূৰ্বে ঘোষণা কৰা সময়সীমাৰ তুলনাত এই সময়সীমা প্ৰায় দুসপ্তাহ আগত । সুনীতা উইলিয়ামছ আৰু উইলম’ৰৰ উভতি অহাৰ এই পৰিৱৰ্তন স্পেচএক্সৰ ক্ৰু-১০ অভিযানৰ বাবে মহাকাশযান নিযুক্তিৰ পৰিৱৰ্তনৰ সৈতে জড়িত ।
প্ৰথমে ক্ৰু-১০ক নিযুক্ত কৰা ড্ৰেগন কেপচুলটো সলনি কৰি নাছাই আগতীয়াকৈ উৎক্ষেপণৰ পথ মুকলি কৰাৰ লক্ষ্য লৈছে, যাৰ ফলত ক্ৰু-৯ — উইলিয়ামছ আৰু উইলম’ৰৰ সৈতে — আশা কৰাতকৈ সোনকালে ঘৰলৈ উভতি যাব পাৰিব ।
নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত থকা কাৰিকৰী বিজুতিৰ বাবে তেওঁলোকৰ উভতি অহাৰ নিৰ্ধাৰিত সময়তকৈ পলম হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আই এছ এছ) আছে । মহাকাশযানখনৰ প্ৰথমটো ক্ৰু মিছন ষ্টাৰলাইনাৰ ক্ৰু ফ্লাইট টেষ্টৰ অংশ হিচাপে ২০২৪ চনৰ ৫ জুনত দুয়োখনে উৎক্ষেপণ কৰে । উৰণৰ সময়ত হিলিয়াম লিক হোৱাৰ বাবে তেওঁলোকৰ উভতি অহাৰ সময় কেইবাবাৰো পিছুৱাই দিয়া হৈছিল ।
ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে ইলন মাস্কৰ স্পেচএক্সক মহাকাশত “আবদ্ধ” বুলি দাবী কৰা দুজন মহাকাশচাৰীক ঘূৰাই আনিবলৈ আহ্বান জনাইছিল । আনহাতে বৰ্তমানৰ পৰিকল্পনা হৈছে স্পেচএক্সে মাৰ্চ মাহত তেওঁলোকক ঘূৰাই আনিব আৰু নাছাই নিশ্চিত কৰিছে যে তেওঁলোক আবদ্ধ হৈ থকা নাই । ট্ৰাম্পে কৈছিল যে তেওঁ মাস্ক আৰু স্পেচএক্সক “বাইডেন প্ৰশাসনে মহাকাশত প্ৰায় পৰিত্যক্ত কৰি পেলোৱা দুজন সাহসী মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ” কৈছিল । লগতে তেওঁ ইলন মাস্কক শুভেচ্ছা জনাইছে ।